NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেমৰ প্ৰস্তাৱ দি সাৱটি ধৰাৰ বাবে বিশ্ববিদ্যালয়ৰ পৰা নিলম্বিত হ’ল এহাল ছাত্ৰ-ছাত্ৰী, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2021 5:26 pm

এহাল ছাত্ৰ-ছাত্ৰীয়ে দুয়ো দুয়োকে সাৱটা-সাৱটি ধৰি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে দুয়ো শাস্তিৰ সম্মুখীন হৈছে।

ঘটনাটো পাকিস্তানৰ লাহোৰ বিশ্ববিদ্যালয়ৰ।

দেশখনৰ শীৰ্ষস্থানত থকা বিশ্ববিদ্যালয়খনৰ চৌহদত এহাল ছাত্ৰ-ছাত্ৰীয়ে প্ৰেম কৰাৰ বাবে তেওঁলোকক পাঠ্যক্ৰমৰ পৰা নিলম্বন কৰা  হৈছে।

সাৱটি ধৰি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ মুহূৰ্তটো ৰেকৰ্ড কৰি থোৱা আছিল আৰু চ’ছিয়েল মিডিয়াত ঘটনাটো ভাইৰেল হৈ পৰিছে।

বৃহস্পতিবাৰে, ভিডিঅ’টোত দেখোৱা মতে, বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে এজন সহপাঠী ছাত্ৰক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়।

প্ৰেমৰ প্ৰস্তাৱটো আগবঢ়াওতে তাই নতজানু হৈ আছিল আৰু হাতত আছিল গোলাপৰ এটা থোপা।

ছাত্ৰজনে ফুলৰ থোপাটো হাতত লয় আৰু ছোৱালীজনীক সাৱটি ধৰে।

কাষতে থকা তেওঁলোকৰ সহপাঠীসকলে উল্লাসত চিঞৰি উঠে।

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰো চকুত পৰে।

শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই বিষয়টো সম্পৰ্কত আলোচনা কৰিবলৈ ছাত্ৰ-ছাত্ৰীহালক মাতি পঠায়।

কিন্তু তেওঁলোকে তাত উপস্থিত নহ’ল।

তাৰপাছতে, কৰ্তৃপক্ষই দুয়োগৰাকীকে বিশ্ববিদ্যালয়ৰ চৌহদত নিষিদ্ধ আৰু নিলম্বন কৰে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, বিশ্ববিদ্যালখনৰ কৰ্তৃপক্ষই জনাইছে যে চৌহদৰ ভিতৰত দুয়ো অশোভনীয় আচৰণ আৰু বিশ্ববিদ্যালয়ৰ নীতি-নিৰ্দেশনা ভংগ কৰিছে।

বিশ্ববিদ্যালয়খনৰ ‘জেনেৰেল ডিচিপ্লিন এণ্ড কড অৱ কণ্ডাক্ট অন দ্যা কেম্পাছ’ৰ ৯ আৰু ১৬ নম্বৰ ধাৰাৰ মতে এই সিদ্ধান্ত লোৱা হৈছে।

নেটিজেনসকলে চ’চিয়েল মিডিয়াযোগেৰে বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তক গৰিহণা জনাইছে।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ কন্যা বাখটাৱাৰ ভুট্টো-জৰ্দাৰীয়ে কয় যে বিশ্ববিদ্যালয়খনে লোৱা সিদ্ধান্তটো হাস্যকৰ।

প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ ৱাচিম আক্ৰামৰ পত্নী ছানিয়েৰা আক্ৰামেও টুইট কৰি কয় যে বিশ্ববিদ্যালয়তে নীতি-নিৰ্দেশনা জাপি দিলেও প্ৰেমক কেতিয়াও নিলম্বন কৰিব নোৱাৰি।