NORTHEAST NOW (Assamese)
অসম

বোকাখাতত সাংবাদিকক সম্বৰ্ধনা আৰু মাস্ক প্ৰদান যুৱ নেতা আকাশ ফুকনৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 29, 2020 6:53 pm

দেশত কভিড-১৯ৰ সম্প্ৰসাৰণ প্ৰতিৰোধৰ বাবে চলি থকা দ্বিতীয় পৰ্যায়ৰ ল’কডাউনত ৰাজ্যখনৰ প্ৰশাসন, স্বাস্থ্য বিভাগ, আৰক্ষীৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতিনিধি সংবাদিক সকলেও নিজৰ জীৱন বিপদাপন্ন কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

অসম ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যকৰী সদস্য তথা বোকাখাতৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা আকাশ ফুকনে আজি বোকাখাত পৰিদৰ্শন বঙলাৰ প্ৰাঙ্গনত স্থানীয় সংবাদিকসকলক লগ ধৰি প্ৰতি গৰাকী সাংবাদিককে একোখন ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে একোখনকৈ মাস্ক প্ৰদান কৰে।

অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মাই আকাশ ফুকনক ধন্যবাদ জনোৱাৰ লগতে ক’ৰ’না প্ৰতিৰোধ সজাগতাৰ বাবে ‘ফ্ৰণ্ট লাইন’ত কাম কৰি থকা ৰাজ্যৰ সাংবাদিকসকললৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা ৫০ লাখ টকাৰ বীমাৰ উপৰিও বিশেষ পেকেজৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।

কাৰ্যসূচীত যুৱ মৰ্চাৰ হৈ ক্ৰমে প্ৰসেনজিৎ মৰাং, তাপস ঘোষ, হোমেন দাস, ৰহিমুদ্দিন আহমেদ, নৱজ্যোতি দত্ত, কৃষ্ণ শৰ্মা, মনোজ ঘোষ, জীৱন দাস আৰু মনজিৎ ৰাজবংশী  উপস্থিত থাকে।