NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংকৰ সময়ত জে এন ইউএ শিকাব ‘ৰামায়ণৰ পৰা কেনেকৈ নেতৃত্বৰ পাঠ ল’ব পাৰি?’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2020 6:46 pm
image

দেশৰ আটাইতকৈ আগশাৰী উচ্চ শিক্ষানুষ্ঠান জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অনলাইন যোগে প্ৰদান কৰিব পাঠদান।

ক’ৰ’না আতংকৰ সময়ত ‘মহাকাব্য ৰামায়ণৰ পৰা কেনেকৈ নেতৃত্বৰ পাঠ ল’ব পাৰি’ সেই বিষয়ে বিশেষ পাঠদান কৰাৰ এক সূচী তৈয়াৰ কৰিছে দেশৰ আগশাৰী উচ্চ শিক্ষানুষ্ঠানখনে।

এই পাঠদান সূচী ৱেব চেমিনাৰ যোগেদি পৰিচালনা কৰিব শিক্ষানুষ্ঠানখনৰ স্কুল অৱ সংস্কৃত এণ্ড ইণ্ডিক ষ্টাডিজ এণ্ড স্কুল অৱ লেংগুৱেজ, লেকচাৰাৰ এণ্ড কালচাৰেল ষ্টাডিজৰ ফেকাল্টি সদস্যসকলে।

পাঠদানৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু মে’ৰ ২ আৰু ৩ তাৰিখে সন্ধিয়া ৪ পৰা ৬ বজাৰ পাঠদান অনুষ্ঠিত হোৱাৰ কথা।

বিশ্বিবদ্যালয়খনৰ উপাচাৰ্য মামিদালা জগদীশ কুমাৰে এই চেমিনাৰলৈ সকলোকে স্বাগতম জনাইছে।

ইফালে সমগ্ৰ বিশ্বৰ লগতে দেশত ক’ৰ’নাই নৰ সংহাৰ চলাই থকাৰ সময়তে জে এন ইউৰ দৰে প্ৰগতিশীল ভাৱধাৰাৰ এখন উচ্চ শিক্ষানুষ্ঠানত ‘ৰামায়ণ’ৰ এই অনলাইন পাঠদান কাৰ্যসূচীকলৈ প্ৰশ্নৰো উত্থাপন হৈছে।

এই সন্দৰ্ভত সংবাদ সংস্থা এ এন আইৰ আগত উচ্চ শিক্ষানুষ্ঠানখনে মন্তব্য কৰে যে, ‘ভগৱান ৰামে কঠিন পৰিস্থিতিটো কেনেকৈ সত্য, ন্যায়, সাম্য বৰ্তাই ৰাখিবলৈ চিন্তা কৰিছিল সেই বিষয়ে মহাত্মা গান্ধীয়ে কৈ গৈছে। বৰ্তমান কোভিড-১৯এ নৰ সংহাৰ চলোৱাৰ সময়ত আমি নিজকে শক্তিশালী কৰিবলৈ ৰামায়ণৰ পৰা বহু কথা শিকাৰ প্ৰয়োজন আছে। সেয়ে ভাবো এই ইয়াৰ বিৰোধিতা কৰাৰ কোনো কাৰণ থাকিব নালাগে।’