NORTHEAST NOW (Assamese)
Popular Stories

বলিউদৰ অভিনেতা ঋষি কাপুৰ চিকিৎসাধীন; ভাতৃ ৰণধীৰে ক’লে ‘তেওঁ এতিয়া অসুস্থ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2020 7:44 am
75459619

বলিউদৰ প্ৰখ্যাত অভিনেতা ঋষি কাপুৰ অসুস্থ।

অসুস্থ প্ৰবীণ অভিনেতা গৰাকীক বুধবাৰে মুম্বাইৰ চাৰ এইচ এন ৰিলায়েঞ্চ ফাউডেশ্যনত ভৰ্তি কৰা হৈছে। এই কথা শেহতীয়াকৈ জানিবলৈ দিছে অভিনেতা গৰাকীৰ ভাতৃ ৰণধীৰ কাপুৰে।

‘তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। নিতু তেওঁৰ লগত আছে। তেওঁৰ অৱস্থা ভাল নহয়।’ ৰণধীৰ কাপুৰে কয়।

আনফালে অসুস্থ ঋষি কাপুৰ ভেন্টিলেশ্যনত আছে বুলি খবৰ আহিছিল যদিও ৰণধীৰে ভেন্টিলেশ্যনত থকাৰ কথা নস্যাৎ কৰিছে।

উল্লেখ্য যে, কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেতা গৰাকী নিউয়ৰ্কত চিকিৎসা কৰি সুস্থ হৈ উঠিছিল। যোৱা বৰ্ষৰ চেপ্তেম্বৰ মাহত তেওঁ প্ৰায় সুস্থ অৱস্থাত নিউয়ৰ্কৰ পৰা উভতি আহিছিল।

উল্লেখ্য, যোৱাকালি দেশৰ এগৰাকী প্ৰতিভাধৰ অভিনেতা ইৰফান খানৰ কলন ইনফেকশ্যনত মুম্বাইত ৫২ বছৰ বয়ত মৃত্যু ঘটে।