NORTHEAST NOW (Assamese)
Popular Stories

চিন্তাৰ কোনো কাৰণ নাই, সুস্থ হৈ উঠিছে মুখ্য মন্ত্ৰীৰ NSG গ্ৰুপ কামাণ্ডাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 30, 2020 7:44 pm

‘চিন্তাৰ এতিয়া কোনো কাৰণ নাই।’ মুখ্য মন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা NSG গ্ৰুপ কামাণ্ডাৰগৰাকী সুস্থ হৈ উঠিছে।

এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ জ্বৰ কাহ হোৱাৰ বাবেহে কোৱাৰেন্টাইন কৰা হৈছিল বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

‘কালি তেওঁৰ অকস্মাৎ গাটো বেয়া লাগিছিল, এতিয়া চিন্তাৰ কোনো কাৰণ নাই। তেওঁ এতিয়া সুস্থ হৈ উঠিছে।‘ বঙাইগাঁৱত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইয়াৰোপৰি কামাণ্ডজনে ৰাতিপুৱা শৰীৰ চৰ্চা কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

‘মুখ্য মন্ত্ৰীৰ দেহৰক্ষী জোৱানজনে ৰাতিপুৱা শৰীৰ চৰ্চা কৰিছে, দৌৰিও আছে। ৰাতিপুৱা অলপ খেলাধূলাও কৰিছে। কালি গাতো বেয়া হোৱা বাবে সাৱধানতা বশতঃ তেওঁক কুৱাৰেন্টাইন কৰা হৈছিল।‘ মন্ত্ৰী হিমন্তই এইদৰে কয়।

উল্লেখযোগ্য যে, মুখ্য মন্ত্ৰীৰ এজন NSG গ্ৰুপ কামাণ্ডাৰ কালি জ্বৰ কাহ আৰু চৰ্দিত ভুগিছিল। আৰক্ষীৰ বিশেষ শাখাৰ এক সূত্ৰই আমাৰ সাংবাদিকক এই কথা জনাইছিল। জোৱানজনৰ ঘৰ উত্তৰাখণ্ডত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক প্ৰচণ্ড জ্বৰ কাহ চৰ্দিত মুখ্যমন্ত্ৰীৰ NSG গ্ৰুপ কামাণ্ডাৰ; মুঠ ৭ কামাণ্ডক কোৱাৰেন্টাইন

জোৱানজনৰ লগত থকা অন্য ৭ গৰাকী NSG কামাণ্ডুক আছুতীয়াকৈ থাকিবলৈ কোৱা হৈছিল। সাধাৰণ জ্বৰ-কাহ চৰ্দি হ’লেও এই খবৰে দিছপুৰৰ লগতে সচিবালয়ৰ সকলো কতৃপক্ষক শংকিত কৰি তুলিছিল।