NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ৰ লকডাউনৰ মাজতে জ্যেষ্ঠ নাগৰিকৰ বাবে গোৱালপাৰাত ব্যতিক্ৰমী প্ৰয়াস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2020 10:23 am
varnali-deka-goalpara-dc

কোভিড-১৯ৰ লকডাউনৰ মাজতে গোৱালপাৰা জিলা প্ৰশাসনে এক উদ্ভাৱনমূলক ব্যৱস্থা গ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ‘মিছন গোৱালপাৰা কেয়াৰ্ছ’নামেৰে এক অভিযান আৰম্ভ কৰিছে।

‘’আমাৰ সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণী জ্যেষ্ঠ নাগৰিকসকলৰ চোৱাচিতা কৰাটো আমাৰ দায়িত্ব। সেইদৰে, আমি তেওঁলোকৰ বিশেষ যতন লোৱাৰ বাবে এই কাৰ্যসূচী লৈছো,’’-উপায়ুক্ত বৰ্ণালী ডেকাই মন্তব্য কৰে।

এই অভিযানৰ অধীনত শিক্ষক আৰু কলেজৰ ছাত্ৰক সামৰি এটা স্বেচ্ছাসেৱকৰ দল গঠন কৰা হৈছে আৰু সকলো জ্যেষ্ঠ নাগৰিককে ফোন কৰাৰ বাবে দায়িত্ব দিয়া হৈছে।

দলটোৱে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ খৱৰ লোৱাৰ লগতে প্ৰশাসনৰ পৰা প্ৰয়োজনীয় সাহায্য আগবঢ়োৱা হ’ব।

তেওঁলোকে লাভ কৰা সঁহাৰিৰ বিষয়ে তৎকালীনভাৱে প্ৰশাসনক জনাব লাগিব।

‘’আমি ইয়াৰ উপৰি আমাৰ এই মঞ্চৰ সেৱাৰ বাবে স্বেচ্ছাসেৱকৰ দলটো শক্তিশালী কৰি তুলিবলৈ ডায়েট আৰু নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ সৈতেও যোগাযোগ কৰিছো। তদুপৰি, এই অভিযানত আই চি ডি এছ ছুপাৰভাইজাৰ আৰু সদস্যসকলকো অন্তৰ্ভুক্ত কৰাৰ কাৰ্যব্যৱস্থাৰ প্ৰস্তুতি চলাই থকা হৈছে,’’-উপায়ুক্তগৰাকীয়ে লগতে কয়।

দলটোৱে ইতিমধ্যে ১২০গৰাকী জ্যেষ্ঠ নাগৰিকৰ সৈতে যোগাযোগ কৰি তেওঁলোকক প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ লগতে মাৰাত্মক কৰ’না ভাইৰাছ সম্পৰ্কেও সজাগ কৰি তুলিছে।