NORTHEAST NOW (Assamese)
Popular Stories

মাইক হাছীৰ শ্ৰেষ্ঠ শত্ৰু একাদশত ভাৰতৰ তিনিগৰাকী ক্ৰিকেটাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2020 10:01 am

সাধাৰণতে প্ৰায়বোৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰকে নিজৰ নিজৰ পচন্দৰ আধাৰত টেষ্ট, এদিনীয়া আৰু টি-২০ৰ সৰ্বশ্ৰেষ্ঠ একাদশ নিৰ্বাচিত কৰা দেখো। কিন্তু এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইক হাছী।

হাছীয়ে সোঁতৰ বিপৰীতে গৈ নিৰ্বাচিত কৰিছে টেষ্টৰ সৰ্বশ্ৰেষ্ঠ শত্ৰু একাদশ। হাছীয়ে এই দলটোত স্থান দিয়া খেলুৱৈসকলক সবাটোকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী হিচাপে চিহ্নিত কৰিছে।

অষ্ট্ৰেলিয়াৰ এইগৰাকী প্ৰাক্তন বাওঁহতীয়া বেটছমেনে ২০০৫ ৰ পৰা ২০১৩ লৈকে টেষ্ট ক্ৰিকেট খেলিছে। এই সময়ছোৱাত হাছীয়ে যিসকল খেলুৱৈৰ বিৰুদ্ধে খেলিছিল সেই সমূহৰ মাজৰ পৰাই তেওঁ এই শ্ৰেষ্ঠ শত্ৰু একাদশটো নিৰ্বাচিত কৰে।

হাছীৰ এই একাদশত তিনিগৰাকী ভাৰতীয় স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত আছে বিস্ফোৰক বিৰেন্দ্ৰ সেহৱাগ, শচীন টেণ্ডুলকাৰ আৰু বিৰাট কোহলী।

ইয়াৰ উপৰি তেওঁৰ দলত স্থান পাইছে দক্ষিণ আফ্ৰিকাৰ চাৰিগৰাকী ক্ৰিকেটাৰে। খেলুৱৈ কেইগৰাকী হ’ল-প্ৰাক্তন অধিনায়ক তথা অপেনাৰ গ্ৰাম স্মিথ, জেক কালিছ, মৰ্নি মৰ্কেল আৰু ডেল ষ্টেইন।

আনহাতে শ্ৰীলংকাৰ পৰা নিৰ্বাচিত কৰিছে মুথিয়া মুৰুলীধৰণ আৰু কুমাৰ ছাংগাকাৰক। ৱেষ্ট ইণ্ডিজৰ পৰা মহান বেটছমেন ব্ৰায়ান লাৰা আৰু ইংলেণ্ডৰ পৰা বলাৰ জেমছ এণ্ডাৰছনক নিৰ্বাচিত কৰিছে।

উল্লেখ্য যে, হাছীয়ে ধোনী, ভিলিয়াৰ্ছ আৰু ছাংগাকাৰাৰ মাজৰ পৰা এজন উইকেটকীপাৰ বেটছমেন নিৰ্বাচিত কৰাত অসুবিধাৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে। এই সন্দৰ্ভত তেওঁ কয়, ‍‘ধোনী, ভিলিয়াৰ্ছ চুটি সংস্কৰণৰ বাবে উত্তম। কিন্তু টেষ্ট ক্ৰিকেটত ছাংগাকাৰা অধিক প্ৰভাৱশালী’।