NORTHEAST NOW (Assamese)
অসম

নাওবৈচাৰ ঘটনা: ‘এনেদৰে শিলা বৰ্ষণ কৰিলে লগে লগে গুলীয়াই দিয়াৰ ব্যৱস্থা কৰক’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 1, 2020 11:04 am
WhatsApp Image 2020-05-01 at 10.36.54 AM

বৃহস্পতিবাৰে সন্ধিয়া নাওবৈচাৰ পানধোৱাৰ এক মছজিদত জুম বান্ধি নামাজ পঢ়াৰ সময়ত এনে কাম নকৰিবলৈ আহ্বান জনাবলৈ যোৱা আৰক্ষীৰ দলক শিলাবৰ্ষণ কৰাৰ পাছতে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সকলোৱে একেমুখে এই ঘটনাৰ গৰিহণা দিয়াৰ সময়তে এক বিস্ফোৰক মন্তব্য কৰিছে আলোচনাপন্থী আলফা নেতা জীতেন দত্তই।

এনেধৰণৰ আক্রমণকাৰীক গুলীওৱাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ আৰক্ষীক আহ্বান জনাইছে।

“এই মূহূৰ্ততে যদি এইবোৰৰ ওপৰত দৃষ্টান্ত মূলক কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অসমক এইসোপাই কাশ্মীৰ বনাই দিব৷ এনেদৰে শিলা বৰ্ষণ কৰিলে লগে লগে গুলীয়াই দিয়াৰ ব্যৱস্থা কৰক,”- নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে এই মন্তৱ্য কৰিছে দত্তই।

তেওঁ আৰু লিখিছে যে যোৱা কিছু দিনৰ পৰা অসমত শিলাবৰ্ষণেৰে আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।

WhatsApp Image 2020-05-01 at 10.36.12 AM
জীতেন দত্তৰ ফেচবুক প’ষ্টটো।

“কাশ্মীৰত সেনা-বাহিনীক আক্ৰমণ কৰা পদ্ধতি যেন ইয়ালৈ কঢ়িয়াই আনিছে। বিশেষকৈ বৰ্তমান বাংলাদেশ আৰু আগৰ পূব পাকিস্তানৰ পৰা প্ৰৱজন ঘটা একাংশ লোকৰ মাজতে এনে প্ৰৱনতা বৃদ্ধি পাইছে। অপৰাধ প্ৰৱণতাও এনে এচাম মানুহৰ মাজতেই অধিক দেখা পোৱা যায়,”-এইদৰে কয় জীতেন দত্তই।

ইপিনে, লকডাউনৰ সময়ত বজাৰ বন্ধ কৰিবলৈ যাওতে বা ৰাজহুৱা নামাজত বাধা আৰোপ কৰিবলৈ যাওতে আক্ৰমণ এইবোৰ ভবিষ্যতে সৃষ্টি হব পৰা এক ভয়াবহ পৰিস্থিতিৰ আগজাননী দিয়া বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ আৰু কয়, “এসোপা মানুহ খাব নাপাই হাহাকাৰ কৰিছে আৰু এই সোপাৰ ৰাজহুৱা নামাজ পঢ়াৰ উৎপাত হৈছে।”

উল্লেখযোগ্য যে, কালি নাওবৈচাৰ পানধোৱাৰ এটা মছজিদত নামাজ পঢ়াৰ কাৰণে চৰকাৰ প্ৰশাসনৰ বাধা স্বত্তেও প্ৰায় ২০০ লোক সমবেত হৈছিল। এই খবৰ পাই নাওবৈচা আৰক্ষীৰ এটা দল ঘটনাস্থলীলৈ গৈ তেওঁলোকক বুজাবৰ চেষ্টা কৰাত একাংশই তেওঁলোকলৈ শিলাবৰ্ষণ কৰাৰ লগতে তেওঁলোকৰ বাহনৰো ক্ষতিসাধন কৰে।

জানিব পৰা মতে এজন আৰক্ষী বিষয়া আৰু তিনিজন সেনা জোৱান শিলাবর্ষণত আঘাতপ্ৰাপ্ত হৈছে।