NORTHEAST NOW (Assamese)
অসম

অপ্ৰতিৰোধ্য কৰ’না; অসমত ৬৪৩লৈ বৃদ্ধি আক্ৰান্ত, দিনটোত চিনাক্ত ৯৫

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 26, 2020 10:05 pm
1862 persons test COVID-19 positive in Assam on Friday

অসমত মঙলবাৰে ৬৪৩গৰাকীলৈ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত গোলাঘাট জিলাৰ ২৭গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজিৰ দিনটোত ৯৫ গৰাকীকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯ত।

কিছু সময় পূৰ্বে ১৯ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছিল। ইয়াৰে ৭ গৰাকী কৰিমগঞ্জ, ৫ গৰাকী গোৱালপাৰা, ৩ গৰাকী গুৱাহাটী, ধুবুৰী ১, হাইলাকান্দি ১, ওদালগুৰি ১, লখিমপুৰ ১ গৰাকী।

তাৰ ঠিক কিছুসময় পূৰ্বে নগাওঁ জিলাৰ দুগৰাকী লোক আক্ৰান্ত হৈছে।

দিনৰ ভাগতে ৪৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত।  আক্ৰান্তসকলৰ ২১ গৰাকী গোলাঘাট, লখিমপুৰৰ ৪ গৰাকী, মৰিগাঁওৰ ৮ গৰাকী, ৩ গৰাকী গোৱালপাৰা, এগৰাকী হোজাই, এগৰাকী MMCH, দুগৰাকী কাৰ্বিআংলংৰ GMCH ২ গৰাকী আৰু নগাওঁৰ ৫ গৰাকী।

বৰ্তমান ৫৭৪ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। তাৰ বিপৰীতে ৬২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কালিৰ দিনটোত ৰাজ্যত ১৫৬  গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত চাৰি শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৫৬৮ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

উল্লেখযোগ্য যে, কালিৰে পৰা গোলাঘাটত আক্ৰান্ত আটাইকেইগৰাকী এখন বিশেষ শ্ৰমিক ট্ৰেইনেৰে চেন্নাইৰ পৰা আহিছিল।

মন্ত্ৰী শৰ্মাই সংবাদমাধ্যমৰ আগত এই কথা জনাইছিল।

মুঠ ১৮৪ গৰাকী আহিছিল ট্ৰেইনখনত। তাৰে প্ৰায় ১২০ গৰাকী আক্ৰান্ত হৈছে গোলাঘাটত।