NORTHEAST NOW (Assamese)
অসম

৬৬৬লৈ বৃদ্ধি অসমত ক’ভিড-১৯ আক্ৰান্ত, মঙলবাৰে চিনাক্ত ১১৮

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 26, 2020 11:10 pm
2411 persons cured of COVID-19 in Assam

অসমত অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্ত। ৬৬৬লৈ বৃদ্ধি আক্ৰান্ত ৰোগীৰ সংখ্যা; দিনটোতে চিনাক্ত হৈছে ১১৮ গৰাকী।

এই মুহূৰ্তত কামৰূপ মেট্ৰৰ ২১ গৰাকী, নগাওঁ জিলাৰ ১ গৰাকী আৰু দৰঙৰ ১ গৰাকীৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অলপ সময় আগে গোলাঘাট জিলাৰ ২৭ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত।

আজিৰ দিনটোত ১১৮ গৰাকীকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯+ ত।

কিছু সময় পূৰ্বে ১৯ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছিল। ইয়াৰে ৭ গৰাকী কৰিমগঞ্জ, ৫ গৰাকী গোৱালপাৰা, ৩ গৰাকী গুৱাহাটী, ধুবুৰী ১, হাইলাকান্দি ১, ওদালগুৰি ১, লখিমপুৰ ১ গৰাকী।

তাৰ ঠিক কিছুসময় পূৰ্বে নগাওঁ জিলাৰ দুগৰাকী লোক আক্ৰান্ত হৈছে।

দিনৰ ভাগতে ৪৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত।  আক্ৰান্তসকলৰ ২১ গৰাকী গোলাঘাট, লখিমপুৰৰ ৪ গৰাকী, মৰিগাঁওৰ ৮ গৰাকী, ৩ গৰাকী গোৱালপাৰা, এগৰাকী হোজাই, এগৰাকী MMCH, দুগৰাকী কাৰ্বিআংলংৰ GMCH ২ গৰাকী আৰু নগাওঁৰ ৫ গৰাকী।

বৰ্তমান ৫৯৭ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৬২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কালিৰ দিনটোত ৰাজ্যত ১৫৬  গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত চাৰি শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৫৯৩ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।