NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ২৩ ক’ভিড-১৯ পজিটিভ চিনাক্ত, মুঠ আক্ৰান্ত ২৩২

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 26, 2020 11:27 pm
COVID19: 1724 persons discharged in Assam on Tuesday

আৰু ২৩গৰাকী ব্যক্তি মঙলবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্তৰ সংখ্যা ২৩২লৈ বৃদ্ধি পাইছে।

আক্ৰান্তসকলৰ ১৮গৰাকী মহাৰাষ্ট্ৰৰ পৰা ৰেলযোগে ৰাজ্যখনত উপস্থিত হৈছিল। বাকী পাঁচগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল।

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে টুইটাৰত এই তথ্য সদৰী কৰিছে।

ৰাজ্যখনত সোমবাৰেও এঘাৰগৰাকী লোকক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।

সেইসকলৰ ভিতৰতো দহগৰাকী মুম্বাইৰ পৰা ৰেলত ঘূৰি অহা ব্যক্তি আছিল আৰু এগৰাকী বি এছ এফৰ ৮৬নং বেটেলিয়নৰ জোৱানৰ পৰিয়ালৰ ব্যক্তি আছিল।

ত্ৰিপুৰাত মঙলবাৰলৈকে সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ৬৫গৰাকী।

১৬৫গৰাকী ব্যক্তি ইতিমধ্যে আৰোগ্য হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ৰাজ্যখনত ক’ভিড-১৯ত এতিয়ালৈকে কোনো ব্যক্তিৰ মৃত্যু হোৱা নাই। দুগৰাকী ব্যক্তিক আন ঠাইলৈ স্থানান্তৰিত কৰা হৈছে।