NORTHEAST NOW (Assamese)
অসম

মেট্ৰম’নিয়েল ছাইটৰ “বন্ধু”ৱে মহিলাৰ পৰা লুটিলে ৫.৬লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 26, 2020 11:47 pm

এগৰাকী বেংগালুৰুৰ মহিলাৰ পৰা মেট্ৰম’নিয়েল ছাইটত বন্ধুত্ব পতা এজন লোকে ৫.৬ লাখ টকা লুটি নিয়াৰ এক ঘটনা সংঘটিত হৈছে।

৪৬ বছৰীয়া মহিলাগৰাকীয়ে নিজৰ বাবে পাত্ৰ বিচাৰি ২০১৯ চনত ছাইটটোত চাইন আপ কৰিছিল।

সেই বছৰৰে আগষ্টত ৰেয়াংশ দীনেশ আচাৰ্য্য পৰিচয়েৰে এজন ব্যক্তিয়ে ছাইটটোত তেওঁৰ সৈতে চিনাকি হয়।

দুয়োজনৰে ফোন নম্বৰৰ বিনিময় হয় আৰু তেওঁলোকৰ মাজত কথা-বাৰ্তাও হয়।

ব্যক্তিজনে নিজকে ইংলেণ্ডত থকা বুলি পৰিচয় দিয়ে আৰু মহিলাগৰাকীৰ মতে তেওঁৰ ফোন নম্বৰটো ইংলেণ্ডৰ আই এছ ডি ক’ডযুক্ত আছিল।

পিছত তেওঁ মহিলাগৰাকীক কয় যে তেওঁৰ দেউতাক এখন মালয়েছিয়ান ফাৰ্মৰ কৰ্মচাৰী আছিল। দেউতাকৰ তিনি বছৰ পূৰ্বে মৃত্যু ঘটিছে আৰু তেওঁ ফাৰ্মখনত বহু ধন এৰি থৈ গৈছে।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ব্যক্তিজনে তেওঁক মালয়েছিয়াৰ পৰা দেউতাকৰ ধনখিনি মোকলাই আনিবলৈ যোৱা বুলি অৱগত কৰিছিল।

পিছত তেওঁ দেউতাকৰ ধনখিনি মোকলোৱাৰ বাবে দিব লগা বিভিন্ন ফীজৰ কাৰণে মহিলাগৰাকীৰ পৰা সহায় বিচাৰে।

আৰু মহিলাগৰাকীয়ে অনলাইনযোগে ৫.৬লাখ টকা তেওঁক দিয়ে।

পিছত যোৱা ৬ মে’ত মহিলাগৰাকীয়ে অৰ্চনা নামৰ শুল্ক বিষয়া বুলি পৰিচয় দিয়া এগৰাকী মহিলাৰ পৰা এটা ফোন লাভ কৰে।

মালয়েছিয়াৰ পৰা অহা ধন মোকলাই দিয়াৰ বাবে তেওঁক ৭৪,০০০ টকা অনলাইনযোগে পৰিশোধ কৰিবলৈ কোৱা হয়।

তেতিয়া মহিলাগৰাকীৰ মনত সন্দেহ হয় আৰু সম্পৰ্কীয় লোক আৰু বন্ধুবৰ্গক এই বিষয়ে জনায়।

সকলোৰে পৰামৰ্শত মহিলাগৰাকীয়ে অৱশেষত আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।