NORTHEAST NOW (Assamese)
অসম

৬৮২লৈ বৃদ্ধি অসমত ক’ভিড-১৯ পজিটিভ, মঙলবাৰে চিনাক্ত ১৩৪

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 27, 2020 12:13 am
COVID19: 1724 persons discharged in Assam on Tuesday

অসমত অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত। ৬৮২লৈ বৃদ্ধি আক্ৰান্ত ৰোগীৰ সংখ্যা; মঙলবাৰৰ দিনটোতে আক্ৰান্ত ১৩৪ গৰাকী।

৬ গৰাকী হোজাই, ৬ গৰাকী গোলাঘাট, দুগৰাকী দৰং, এগৰাকী কামৰূপ(ম) আৰু এগৰাকী কামৰূপ(গ্ৰা) ৰ লোক আক্ৰান্ত হৈছে।

কিছু সময় পূৰ্বে ২৩ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

তাৰে, কামৰূপ মেট্ৰৰ ২১ গৰাকী, নগাওঁ জিলাৰ ১ গৰাকী আৰু দৰঙৰ ১ গৰাকীৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তাৰ অলপ সময় আগে গোলাঘাট জিলাৰ ২৭ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত।

আজিৰ দিনটোত ১৩৪ গৰাকীকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-১৯+ ত।

ইয়াৰ ঠিক কিছু সময় পূৰ্বে ১৯ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছিল। ইয়াৰে ৭ গৰাকী কৰিমগঞ্জ, ৫ গৰাকী গোৱালপাৰা, ৩ গৰাকী গুৱাহাটী, ধুবুৰী ১, হাইলাকান্দি ১, ওদালগুৰি ১, লখিমপুৰ ১ গৰাকী।

তাৰ ঠিক কিছুসময় পূৰ্বে নগাওঁ জিলাৰ দুগৰাকী লোক আক্ৰান্ত হৈছে।

দিনৰ ভাগতে ৪৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত।  আক্ৰান্তসকলৰ ২১ গৰাকী গোলাঘাট, লখিমপুৰৰ ৪ গৰাকী, মৰিগাঁওৰ ৮ গৰাকী, ৩ গৰাকী গোৱালপাৰা, এগৰাকী হোজাই, এগৰাকী MMCH, দুগৰাকী কাৰ্বিআংলংৰ GMCH ২ গৰাকী আৰু নগাওঁৰ ৫ গৰাকী।

বৰ্তমান ৬১৩ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৬২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কালিৰ দিনটোত ৰাজ্যত ১৫৬  গৰাকী লোক কোভিড-১৯ পজিটিভ ত আক্ৰান্ত হৈছিল।

যোৱা ২৪ মে’ত ৩২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ২৩ মে দিনা ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত চাৰি শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৬০৯ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।