NORTHEAST NOW (Assamese)
অসম

১৬ শতিকাৰে পৰাই দেহ ব্যৱসায়ক পৰম্পৰাগত পেছা হিচাবে গ্ৰহণ কৰি অহা দেশৰ এটা সম্প্ৰদায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2020 6:29 pm
pict_origi

দেশতে এনে এটা সম্প্ৰদায় আছে যিটো সম্প্ৰদায়ৰ পৰম্পৰাগত পেছাই হৈছে দেহ ব্যৱসায়।

মূলতঃ ৰাজস্থানৰ ভৰতপুৰ জিলাত বাস কৰা এই সম্প্ৰদায়টো হৈছে বেদিয়া সম্প্ৰদায়।

যুগ যুগ ধৰি বেদিয়া সম্প্ৰদায়ৰ মহিলা-যুৱতীসকলে দেহ ব্যৱসায়ক পেছা হিচাবে গ্ৰহণ কৰি আহিছে।

সম্প্ৰদায়টোৰ কোনো ছোৱালী পুস্পিতা হোৱাৰ পিছতেই তেওঁক সামাজিক ভাবে দেহ ব্যৱসায়ত লিপ্ত হবলৈ অনুমতি দিয়া হয়।

বেদিয়া সম্প্ৰদায়ৰ নতুনকৈ পুস্পিতা হোৱা কিশোৰীসকলক পৰিয়ালৰ লোকে দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ পূৰ্বে সম্প্ৰদায়টোৰ লোকসকলে নাথনি উতৰাণা নামৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।

বহু বুৰঞ্জীবিদে প্ৰকাশ কৰা অনুসৰি ৰজা-মহাৰজাৰ দিনৰে পৰা এই সম্প্ৰদায়ৰ নাৰীসকলে ৰজা আৰু বৰমূৰীয়া সকলক নৃত্য-গীতেৰে মনোৰঞ্জন কৰি আহিছিল।

ৰজাৰ শাসন ওৰ পৰাৰ পিছতো ব্ৰিটিছৰ দিনতো এই সম্প্ৰদায়ৰ যুৱতী-মহিলাসকলে ব্ৰিটিছ বিষয়া একাংশৰ মনোৰঞ্জৰ আহিলা হৈ পৰিছিল।

কি কাৰণত সম্প্ৰদায়টোৱে দেহ ব্যৱসায়ক পৰম্পৰাগত পেছা হিচাবে বাচি লবলগীয়া হল সেই বিষয়ত কোনেও আজিলৈকে থিৰাংকৈ একো কব পৰা নাই।

সম্প্ৰদায়টো শেহতীয়াকৈ  পুনৰ সংবাদ শিৰোনামলৈ আহিছে। কাৰণ বোম্বে উচ্চ ন্যায়ালয়ে দেহ ব্যৱসায়ৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি গৰাকী বেদিয়া সম্প্ৰদায়ৰ যুৱতীক এৰি দিবলৈ নিৰ্দেশ দিয়ে।

বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পৃথ্বীৰাজ চৱনে দেহ ব্যৱসায় আইন মতে দণ্ডনীয় অপৰাধ নহয় বুলি ৰায় দিয়াৰ লগতে এই বুলি কয় যে এগৰাকী প্ৰাপ্ত বয়স্ক মহিলাই নিজৰ ইচ্ছা মতে যিকোনো লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে।

আদালতৰ এনে ৰায়ৰ পিছতে সম্প্ৰদায়টো পুনৰ চৰ্চালৈ আহিছে।