NORTHEAST NOW (Assamese)
অসম

মেড-ইন-ইণ্ডিয়াৰ টেষ্টিং কিটলৈ আই চি এম আৰৰ বৈঠতা, ১.৫ ঘণ্টাৰ ভিতৰত দিব ফলাফল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2020 6:36 pm

একুইন বায়োটেকে ইণ্ডিয়ান ইষ্টিটিউট অফ চায়েন্স(আই আই এছ চি)ৰ সহযোগত দেশীয়ভাৱে ক’ৰ’না পৰীক্ষাৰ বাবে আৰ টি-পি চি আৰ কিট প্ৰস্তুত কৰি উলিয়াইছে।

ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি নিৰ্ণয় কৰাৰ বাবে প্ৰস্তুত কৰি উলিওৱা টেষ্টিং কিটটোৰ নামকৰণ কৰা হৈছে ‘গ্লোৱেল ডায়েগোনেষ্টিক কিট’।

ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এম আৰে একুইন বায়োটেক আৰু আই আই এছ চিয়ে প্ৰস্তুত কৰি উলিওৱা টেষ্টিং কিটটোত বৈঠতা প্ৰদান কৰিছে।

দেশীয়ভাৱে নিৰ্মাণ কৰি উলিওৱা এই টেষ্টিং কিটটোৰ জৰিয়তে মাত্ৰ ১.৫ ঘণ্টাৰ ভিতৰতে ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতিৰ উমান লাভ কৰিব পৰা যাব।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণ অব্যাহত আছে।

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৯০,০০০ অতিক্ৰম কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ভাৰত ক’ৰ’না ভাইৰাছৰ ফলত দ্বিতীয় সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশ।