NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা দেশত কেবল অত্যাৱশ্যকীয়ই নহয়, চৰ্তসাপেক্ষে খুলিব আন দোকানো; কিন্তু অসমত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 10:24 am
reliance-market-beltola-guwahati-departmental-stores-bfy9vpaskc

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশত ৩ মে’লৈকে লকডাউন চলি আছে। এই লকডাউনৰ মাজতে সাধাৰণ লোকৰ বাবে আছে সকাহৰ খৱৰ।

গৃহ মন্ত্ৰ্যালয়ে দেশত আজিৰে পৰা বহু দোকানক চৰ্তসাপেক্ষে খোলাৰ অনুমতি প্ৰদান কৰিছে। নি:সন্দেহে দেশবাসীয়ে অপেক্ষা কৰি থকা ই এটা ডাঙৰ খৱৰ।

কিন্তু কৰ’না ভাইৰাছৰ সংক্ৰমণ এতিয়াও ক্ষিপ্ৰভাৱে বৃদ্ধি পাই আছে। সেয়েহে, চৰকাৰে এইক্ষেত্ৰত কিছু চৰ্তও আৰোপ কৰিছে।

উল্লেখযোগ্য যে লকডাউনৰ ফলত সকলো ধৰণৰ প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছিল আৰু কেৱল শাক-পাচলি, ফলমূল, ঔষধ আৰু গেলামালৰ দোকানসমূহকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খোলা ৰখাৰ অনুমতি দিছিল।

এতিয়া কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ কিছু সলনি কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ লগতে এতিয়া আন সামগ্ৰীৰ দোকানো খোলাৰ অনুমতি দিয়া হৈছে।

গৃহ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় চৰকাৰে পৌৰ নিগম বা নগৰ পালিকাৰ আওতাত পৰা আবাসিক অঞ্চলৰ কাষত থকা দোকান আৰু ষ্টেণ্ড এল’ন দোকানসমূহ খোলাৰ অনুমতি দিছে।

index

কিন্তু এই অনুমতিৰ লগতে গৃহ মন্ত্ৰ্যালয়ে কিছুমান চৰ্তও আৰোপ কৰিছে। সেই অনুসৰি, মাত্ৰ ৫০শতাংশ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰিহে কাম কৰিব পাৰিব।

চৰ্ত অনুসৰি, দোকানসমূহ সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰতিষ্ঠিত অধিনিয়মৰ ভিতৰত পঞ্জীয়ন থকা হ’ব লাগিব। দোকানৰ আধা সংখ্যক কৰ্মচাৰীয়েহে কাম কৰিব পাৰিব আৰু তেওঁলোকে মাস্ক পৰিধান কৰা তথা সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক।

তদুপৰি, ডাঙৰ চৰ্তটো হৈছে যে যিবোৰ অঞ্চল কৰ’নাৰ হটস্পট হিচাপে চিনাক্ত কৰা হৈছে বা কন্টেইনমেন্ট ঘোষণা কৰা হৈছে তাত দোকান খোলাৰ এই নতুন নিৰ্দেশ প্ৰযোজ্য নহ’ব।

কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা অনুসৰি অসমতো দোকানসমূহ খুলিবনে? ৰাজ্যখনৰ মুখ্য সচিব কুমাৰ সঞ্জয়কৃষ্ণই জানিব দিয়া মতে দোকান, বিউটি পাৰ্লাৰ আদি খোলাৰ দৰে অসম চৰকাৰে চলি থকা লকডাউন শিথিল কৰা কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই সন্দৰ্ভত অহা ২৭ এপ্ৰিলৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।