NORTHEAST NOW (Assamese)
Popular Stories

আমি তেওঁক আমাৰ পৰামৰ্শদাতা হিচাপে বিচাৰো; বিশেষ ধৰণে নিজৰ ই-ৰিক্সা সজাই তোলা চালকক ক’লে আনন্দ মহিন্দ্ৰাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 10:15 am

প্ৰখ্যাত ভাৰতীয় গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান মহিন্দ্ৰা গ্ৰুপৰ মুখ্য সচিৱ আনন্দ মহিন্দ্ৰাই এগৰাকী ই-ৰিক্সা চালকে তেওঁৰ ই-ৰিক্সাখন যাত্ৰী সকল ইজনে-সিজনৰ সংস্পৰ্শলৈ নহাকৈ সজাই লোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি চালকজনক প্ৰশংসা কৰিছে।

‘‘আমাৰ আৰ এণ্ড ডি আৰু প্ৰডাণ্ড ডেভলপমেণ্ট দলৰ এগৰাকী পৰামৰ্শদাতা হিচাপে আমাক তেওঁৰ প্ৰয়োজন,’’ আনন্দ মহিন্দ্ৰাই টুইট কৰে।

আনন্দ মহিন্দ্ৰাই শ্বেয়াৰ কৰা ভিডিঅ’টোত কিছুসংখ্যক লোকে ই-ৰিক্সা চালক গৰাকীৰ এই কামক ‘ক’ৰ’নাৰ উদ্ভাৱন বুলি প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, ই-ৰিক্সা চালক গৰাকীয়ে তেওঁৰ ই-ৰিক্সাখন এনেধৰণে নতুনকৈ সজাই তুলিছে যাতে এজন যাত্ৰীয়ে আন এজন যাত্ৰীৰ সংস্পৰ্শলৈ অহাৰ কোনো সম্ভাৱনা নাথাকে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যাৰ বাবে যান-বাহনত ভ্ৰমণ কৰাৰ ক্ষেত্ৰততো যথেষ্ট অসুবিধাৰ সন্মুখিন হৈছে যাত্ৰী সকলে।

বিভিন্ন ঠাইত প্ৰশাসনে দুচকীয়া বাহনত এজন আৰু চাৰি চকীয়া বাহনত দুজন যাত্ৰীকহে যাতায়ৰ বাবে অনুমতি প্ৰদান কৰিছে।