NORTHEAST NOW (Assamese)
অসম

যোৰহাটত অলক্ষিত বাংলাদেশৰ জন্মদাত্ৰী ৰণ-পক্ষী

Posted by: অনিৰ্বাণ ৰয় Updated by: অনিৰ্বাণ ৰয় September 25, 2019 7:37 pm
The war-bird that gave birth to Bangladesh remain unnoticed in Jorhat

যোৰহাটত ভাৰতীয় বায়ু সেনা ষ্টে’চনস্থিত কেন্দ্ৰীয় বিদ্যালয়লৈ যোৱা বেছিভাগ লোকেই চৌহদটোত প্ৰদৰ্শন কৰি ৰখা ঐতিহাসিক ৰণ-পক্ষী এমআই ৪ হেলিকপ্তাৰখন প্ৰায়ে মন নকৰে।

স্কুলখনত থকা এমআই ৪-খনলৈ বেছিভাগ মানুহেই লক্ষ্য নকৰিলেও, ১৯৭১ৰ ভাৰত-পাক যুদ্ধৰ সৈনিকসকলে ইয়াক খুব সম্ভ্ৰম আৰু গৌৰৱৰ দৃষ্টিৰে চায়।

১৯৭১ চনৰ ১৬ ডিচেম্বৰত যোৰহাটত প্ৰদৰ্শিত এই ৰণ-পক্ষীৰ পিঠিত উঠিয়ে জেচ’ৰ (এতিয়া পশ্চিম বাংলাদেশত)ৰ পৰা ঢাকালৈ গৈছিল ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমান্দৰ তদানীন্তন জেনেৰেল অফিচাৰ কমান্দিং ইন চীফ লেফটেনেণ্ট জেনেৰেল জগজিত সিং আৰোৰা।

এমআই ৪ হেলিকপ্তাৰখনত জেচ’ৰৰ পৰা ঢাকালৈ ৮৪ নটিকেল মাইলৰ এই উৰণেই ১৯৭১ৰ ভাৰত-পাক যুদ্ধৰ নাটকীয় সমাপ্তি ঘটাইছিল।

ঢাকাত হেলিকপ্তাৰখনৰ পৰা নামিয়েই ৰামনা ৰে’চ ক’ৰ্চৰ ঐতিহাসিক আত্মসমৰ্পণ অনুষ্ঠানলৈ লেফটেনেণ্ট জেনেৰেল আৰোৰা চিধাই যাত্ৰা আৰম্ভ কৰিছিল।

১৯৭১ চনৰ ১৬ ডিচেম্বৰত ভাৰতীয় সময়মতে আবেলি ৪.৩১ বজাত লেফটেনেণ্ট জেনেৰেল জগজিত সিং আৰোৰা আৰু পাকিস্তানী সেনাৰ ইষ্টাৰ্ন কমান্দৰ কমান্দাৰ লেফটেনেণ্ট জেনেৰেল এ এ কে নিয়াজিৰ মাজত আত্মসমৰ্পণৰ নথি স্বাক্ষৰিত হৈছিল।

সেই ঐতিহাসিক আত্মসমৰ্পণৰ নথিয়ে “বাংলাদেশ”ত ৰূপত পূব পাকিস্তানৰ স্বাধীনতা নিশ্চিত কৰিছিল।

অগণন মানুহৰ পাকিস্তান-বিৰোধী শ্ল’গানেত ৰে’চ ক’ৰ্চ উত্তাল হৈছিল, আৰু লেফটেনেণ্ট জেনেৰেল নিয়াজিক উত্তেজিত জনতাই হত্যা কৰিব খুজিছিল, পাকিস্তানী বিষয়াসকলক এখন বাহনত তাৰ পৰা ততালিকে আঁতৰাই নিয়া হৈছিল।

পাকিস্তানৰ আত্মসমৰ্পণৰ পিছতে ভাৰতীয় সেনাই প্ৰায় ৯৩,০০০ পাকিস্তানী সৈনিকক যুদ্ধবন্দী কৰিছিল। আৰু ই পৰিণত হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছতে সৰ্ববৃহৎ আত্মসমৰ্পণ।

The war-bird that gave birth to Bangladesh remain unnoticed in Jorhat
ছবি- সূৰ্য্য কুমাৰ চেতিয়া।

লেফটেনেণ্ট জেনেৰেল নিয়াজিৰ লগতে আত্মসমৰ্পণ কৰা আন জ্যেষ্ঠ বিষয়াসকল আছিল ৰিয়েৰ এদমিৰেল মহম্মদ শ্বৰিফ, এয়াৰ কমদ’ৰ ইনামুল হক, মে’জৰ জেনেৰেল ৰাও ফাৰ্মান আলি আৰু গৱৰ্নৰ আব্দুল মতালেব মালিক।

১৯৭১ৰ ভাৰত-পাক যুদ্ধৰ সময়ত এমআই ৪ হেলিকপ্তাৰ অভিযান আৰু পৰিবহণ দুয়ো কামতে ব্যৱহৃত হৈছিল।

ভাৰতীয় বায়ু সেনাবাহিনীত এমআই ৪ অভিষেক ঘটিছিল ১৯৬১ চনত। ১৯৭১ চনত এমআই ৮ৰ আগমনৰ আগলৈকে এমআই ৪এই আছিল আই এ এফৰ মধ্যমীয়া বহনক্ষমতাৰ প্ৰধান হেলি-ফ’ৰ্চ।

এমআই ৪ দেখাত এইচ-১৯ চিকাচৰ নিচিনা যদিও, ই আচলতে বহুত ডাঙৰ হেলিকপ্তাৰ; ই বেছি ওজন পৰিবহণক্ষম আৰু ১৪ৰ পৰা ১৬জনলৈকে যাত্ৰীও কঢ়িয়াব পাৰে।

পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ জয়ৰ “ত্ৰফি”ৰূপে যোৰহাটৰ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰতিজন শিক্ষাৰ্থীৰ লগতে অসমৰ মানুহেও হেলিকপ্তাৰখনক লৈ গৌৰৱ কৰা উচিত।

দুৰ্ভাগ্যজনকভাৱে, আজি বহু বছৰ ধৰি এই ঐতিহাসিক ৰণ-পক্ষীটো অসমৰ মানুহৰ অলক্ষিতেই ৰৈছে।