NORTHEAST NOW (Assamese)
Popular Stories

নুমলীগড়ত লোমহৰ্ষক হত্যাকাণ্ড; স্বামীৰ উপৰ্যুপৰি দাৰ ঘাপত নিহত পত্নী

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 24, 2020 5:21 pm

ৰাজ্যত ল’কডাউন চলি থকাৰ সময়তে বোকাখাত মহকুমাৰ নুমলীগড়ৰ ৰৌদুৱাৰ গাঁৱত শুকুবাৰৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হয়। গাঁওখনৰ যুৱক লোহিত কছাৰীয়ে নিজৰ পত্নীক দাৰে ঘপিয়াই হত্যা কৰে।

নিজৰ বাসগৃহতে লোহিত কছাৰীয়ে পত্নী ৰিছা মেচ কছাৰীক এখন দাৰে ঘপিয়াই হত্যা কৰে। পাৰিবাৰিক কন্দলৰ বাবেই স্বামীৰ উক্ত হত্যাকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে তিনি বছৰৰ পূৰ্বে ৰৌদুৱাৰ গাঁৱৰ লোহিত কছাৰী আৰু ৰিচা মেছ বিবাহপাশত আবদ্ধ হৈছিল। নিঃসন্তান দম্পতিহালৰ মাজত দীৰ্ঘদিন ধৰি ঘৰোৱা কন্দল লাগি আহিছিল। স্থানীয় লোকে নিহত পত্নীৰ পৰ-পৰুষৰ সৈতে সম্পৰ্ক থকা বুলি কব খোজে।

এটা কোঠাত আবদ্ধ কৰি পত্নীক ঘপিয়াই ঘপিয়াই হত্যা কৰা লোহিতক তেজে তুমুৰলী হোৱা অৱস্থাত আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত কৰায়ত্ত কৰে। হত্যাকাৰী লোহিত কছাৰী এতিয়া বোকাখাত আৰক্ষীৰ জিম্মাত।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে লোহিত কছাৰীয়ে পত্নী হত্যাত ব্যৱহাৰ কৰা তেজ লগা দাখন উদ্ধাৰ কৰে। ৰিছা মেচ কছাৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠাইছে বোকাখাত আৰক্ষীয়ে।