NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙত দুই ডি এন এল এ উগ্ৰপন্থী নিহত, অস্ত্ৰ-শস্ত্ৰ জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2020 5:10 pm
Two DNLA cadres shot dead in Karbi Anglong

কাৰ্বি আংলং জিলাত শুকুৰবাৰে পুৱা সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত ডি এন এল এ (Dimasa National Liberation Army)ৰ দুজন উগ্ৰপন্থী নিহত হৈছে।

অসম আৰক্ষী আৰু সেনাৰ যুটীয়া দলটোৱে ঘটনাস্থলীৰ পৰা এটা একে ছিৰিজৰ ৰাইফল, এটা এম-১৬ ৰাইফল আৰু গুলী-বাৰুদ জব্দ কৰিছে।

অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙে টুইটাৰত এই কথা সদৰী কৰিছে।

ইফালে বুধবাৰে নিশাও চৰাইদেউত আৰক্ষীৰ অভিযানত পাঁচজন দুৰ্ধৰ্ষ আলফা (স্বাধীন) সদস্য কৰায়ত্ত হৈছে।

তেওঁলোকৰ পৰা বৃ্হৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে।