NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ধুমুহাত ক্ষতিগ্ৰস্তসকলক শীঘ্ৰে সহায় কৰাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ    

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2020 5:08 pm

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ ধুমুহা বিধ্বস্ত লেজাই অঞ্চলৰ কেইবাটাও গৃহলৈ গৈ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উপৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰে।

প্ৰতিকূল বতৰকো নেওচি মুখ্য মন্ত্ৰীয়ে ধুমুহা ক্ষতিগ্ৰস্ত পৰিয়ালৰ গৃহলৈ খোজকাঢ়ি গৈ চৰজমিন বুজ লয়।

পৰিদৰ্শন কালত মুখ্য মন্ত্ৰী সোণোৱালে আজি কিছুদিনৰ পৰা সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছে বুলি উল্লেখ কৰি ধুমুহাৰ ফলত বহুতো পৰিয়ালৰ গৃহ বিধ্বস্ত হৈছে বুলি কয়।

গৃহৰ লগতে তেওঁলোকৰ গৃহ চৌহদত থকা তামোলবাৰী, কল বাগান ইত্যাদি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

মুখ্য মন্ত্ৰীয়ে প্ৰতিখন জিলাৰ উপায়ুক্তক এই ক্ষতিগ্ৰস্ত লোক সকলৰ ক্ষয়-ক্ষতিৰ বুজি লৈ তথা জৰজমিন পৰীক্ষা কৰি অতিশীঘ্ৰে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ  নিৰ্দেশ দিয়ে।

আনহাতে, ক্ষতিগ্ৰস্ত জনসাধাৰণে যাতে অতিশীঘ্ৰে চৰকাৰী সাহায্য লাভ কৰিব পাৰে সেই সম্বন্ধে তৎকালীন পদক্ষেপ লোৱাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে বুলিও সোণোৱালে লগত কয়।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাজ্যৰ জনসাধাৰণে ল’কডাউন কাৰ্য্যসূচী নিষ্ঠাৰে পালন কৰি আছে বুলি মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰি ধুমুহাত ক্ষতিগ্ৰস্ত তথা দুৰ্দশাগ্ৰস্ত ৰাইজক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলিও সোণোৱালে মত প্ৰকাশ কৰে।

ৰাজ্যখনৰ সাম্ভাব্য বানপৰিস্থিতি প্ৰতিৰোধ কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত মথাউৰি মেৰামতি তথা নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মথাউৰি নিৰ্মাণৰ লগত জড়িত থকা বিষয়া-কৰ্মচাৰী তথা শ্ৰমিকসকলে এই কাম কৰি আছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

সোণোৱালে মথাউৰি নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ, অভিযন্তা, বিষয়া-কৰ্মচাৰী তথা শ্ৰমিকসকলক স্বাস্থ্য বিভাগে প্ৰদান কৰা নিৰ্দেশনাৱলী তথা সামাজিক দূৰত্ব সঠিকভাৱে মানি চলি এই কাম আগুৱাই নিয়াৰ বাবেও আহ্বান জনায়।

আজিৰ এই পৰিদৰ্শনৰ সময়ত মৰান সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।