NORTHEAST NOW (Assamese)
অসম

মুখ্যসচিবক সাক্ষাৎ কৰিলে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই

Posted by: এন ই নাও নিউজ September 7, 2018 10:54 am
বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত

গুৱাহাটীস্থিত বাংলাদেশ উচ্চ আয়োগৰ হেড অৱ মিশ্যন তথা সহকাৰী উচ্চায়ুক্ত ড০ শ্বাহ মহম্মদ তনভিৰ মনছুৰে বৃহস্পতিবাৰে ৰাজ্যখনৰ নৱনিযুক্ত মুখ্যসচিব আলোক কুমাৰক সাক্ষাৎ কৰে।

দিচপুৰ জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত দুয়োগৰাকী বিষয়াই বিভিন্ন বিষয় সন্দৰ্ভত ফলপ্ৰসূ আলোচনাত মিলিত হৈ পাৰস্পৰিক সহযোগিতাৰ বিষয়ত সহমত প্ৰকাশ কৰে।

আলোচনা কালত দুয়োখন দেশৰ মাজত বিমান পৰিবহণ, শ্বিলং হৈ ঢাকাৰ পৰা গুৱাহাটীলৈ বাছ পৰিবহণ, কম খৰচী জল পৰিবহণ ব্যৱস্থাৰ উন্নয়ন সাধন কৰা আদি বিষয়ত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে।

এই বৈঠকত পৰ্যটনৰ বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে দুয়োখন দেশৰ ট্যুৰ অপাৰেটৰসকলে পৰিকল্পিতভাৱে কাম কৰাৰ সন্দৰ্ভত অগ্ৰাধিকাৰ দিয়া হয়।

আনহাতে, দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰি তোলাৰ বাবে অধিক সাংস্কৃতিক আদান-প্ৰদানৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বিষয়তো তেওঁলোকে মত পোষণ কৰে।

অসম চৰকাৰৰ মুখ্য সচিব হিচাপে আলোক কুমাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে চুবুৰীয়া দেশৰ প্ৰতিনিধিগৰাকীৰ এই সাক্ষাৎকাৰ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিয়নো বৰ্তমান ৰাজ্যখনত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে চুবুৰীয়া দেশখনৰ সম্পৰ্ক আছে।