NORTHEAST NOW (Assamese)
অসম

নাছাৰ সৈতে সহযোগিতা স্থাপনৰ বাবে আমি আগ্ৰহী : মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2019 7:17 pm
NASA

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে বুধবাৰে কেলিফ’ৰ্নিয়াস্থিত নাছাৰ ছুপাৰ কম্পিউটাৰ গৱেষণা কেন্দ্ৰ, য়ু এ এছ যান-জট নিয়ন্ত্ৰণ গৱেষণা কেন্দ্ৰৰ লগতে অন্য বিভাগ সমূহো পৰিদৰ্শন কৰে।

নাছাৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি মুখ্য মন্ত্ৰী চাংমাই কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ মাধ্যমেৰে নাছাৰ সৈতে সহযোগিতা স্থাপন কৰাৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰে।

চাংমাই দুৰ্যোগ প্ৰশমণ আৰু দুৰ্গম অঞ্চলসমূহলৈ ঔষধ যোগান ধৰাৰ উদ্দেশ্যে দ্ৰোণৰ ব্যৱহাৰৰ বাবে নাছাৰ সৈতে সহযোগিতাৰ ইচ্ছা প্ৰকাশ কৰে।

আনহাতে, মুখ্য মন্ত্ৰী কনৰাড চাংমাই দ্ৰোণৰ ব্যৱহাৰৰ মাধ্যমেৰে দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযান তৰাণ্বিত কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।

মুখ্য মন্ত্ৰীৰ মিডিয়া বিভাগে জাৰি কৰা প্ৰেছ বিবৃতিত চাংমাই ৰাজ্যখনত সাধাৰণ মানুহৰ হিতৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ প্ৰতি আগ্ৰহী বুলিও উল্লেখ কৰে।

মুখ্য মন্ত্ৰীয়ে পশ্চিম গাৰো পাহাৰৰ উপায়ুক্ত ৰাম কুমাৰৰ লগতে প্ৰতিনিধি সকলৰ সৈতে উইপ্ৰোৰ চিলিকন ইনোভেশ্যন কেন্দ্ৰ পৰিদৰ্শন কৰে।

উইপ্ৰোৰ বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰীয়ে মেঘালয়ৰ সৈতে প্ৰতিষ্ঠানটোৰ সহযোগিতা সন্দৰ্ভতো আলোচনাত অংশগ্ৰহণ কৰে।

আলোচনাত শিশু আৰু মাতৃ স্বাস্থ্য ৰক্ষাত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ব্যৱহাৰৰ বিষয়ে চৰ্চা কৰা হয় বুলি চাংমাই জানিবলৈ দিয়ে।

বুধবাৰে মুখ্য মন্ত্ৰী চাংমাই বিল এণ্ড মিলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সঞ্চালক অৰিন লেভিনকো সাক্ষাৎ কৰে।