NORTHEAST NOW (Assamese)
অসম

৪২ গৰাকী সুৰক্ষা বাহিনীৰ লোকৰ সৈতে মিজোৰামত শেহতীয়াভাৱে ৪৯ গৰাকী লোক কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2020 5:29 pm

মিজোৰামত বিগত ২৪ ঘণ্টাত ৪২ গৰাকী সুৰক্ষা বাহিনীৰ লোককে ধৰি মুঠ ৪৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১৮৩৫ গৰাকীলৈ বৃদ্ধি পায়।

শেহতীয়াভাৱে ক’ৰ’না প’জিটিভ হোৱা ৪২ গৰাকী সুৰক্ষা বাহিনীৰ লোকৰ ভিতৰত ২৭ গৰাকী অসম ৰাইফলছ, ১৫ গৰাকী সীমান্ত সুৰক্ষা বাহিনী জোৱান।

ক’ৰ’না প’জিটিভ হোৱা সুৰক্ষা বাহিনীৰ লোক কেইগৰাকীক বাদ দি বাকী ক’ৰ’না প’জিটিভ হোৱা ৭ গৰাকী লোকৰ ৫ গৰাকী মিজোৰামৰে আৰু দুগৰাকী বহিঃৰাজ্যৰ।

বিগত ২৪ ঘণ্টাত মিজোৰামত ক’ৰ’না প’জিটিভ হোৱা ৩৮ গৰাকী আইজল, ৮ গৰাকী চাৰ্ছিপ জিলাৰ, দুগৰাকী লাৱাঙটাই জিলাৰ আৰু এগৰাকী লুংগলেই জিলাৰ।

আনহাতে, মিজোৰামত বৰ্তমান সময়ত মুঠ ৫৪৬ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

মিজোৰামত এতিয়ালৈ ১২৮৯ গৰাকী লোকে চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে।

উল্লেখযোগ্য যে, মিজোৰামত এতিয়ালৈ কোনোলোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নায়।