NORTHEAST NOW (Assamese)
Popular Stories

তবলিগী জামাতৰ পিছত এইবাৰ ১৪৮ গৰাকী তীৰ্থযাত্ৰীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2020 3:14 pm
COVID 19

তবলিগী জামাতৰ ধৰ্মীয় কাৰ্যসূচীৰ পিছত এইবাৰ তীৰ্থযাত্ৰা কৰি উভতি অহা তীৰ্থযাত্ৰীৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

পঞ্জাৱৰ ১৪৮ শিখ তীৰ্থযাত্ৰীৰ শৰীৰত কোভিড১৯ৰ উপস্থিতি নিশ্চিত কৰিছে পঞ্জাৱৰ স্বাস্থ্য বিভাগে।

বাতিৰৰ মতে প্ৰায় ৩,৭০০ গৰাকী শিখ তীৰ্থযাত্ৰীয়ে পঞ্জাৱৰ পৰা মহাৰাষ্ট্ৰৰ নাণ্ডেডৰ হাজুৰ গুৰুদ্বাৰালৈ তিনিদিনৰ বাবে গৈছিল।

মহাৰাষ্ট্ৰৰ পৰা উভতি অহা এই ৩,৭০০ তীৰ্থযাত্ৰীৰ মাজৰে ১৪৮ জনৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা কথা শুকুৰবাৰে পঞ্জাৱৰ স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে।

উক্ত ১৪৮ জনৰ ভিতৰত ৭৬ গৰাকী অমৃতচৰ, লুধিয়ানাৰ ৩৮ আৰু ম’হালীৰ ১০ গৰাকীৰ লগতে ৰাজ্যখনৰ অনান্য কেইবাখনো ঠাইৰ লোক আছে।

৩৭,০০ তীৰ্থযাত্ৰীৰ ভিতৰত শুকুৰবাৰলৈকে ৩,৫০০ গৰাকী তীৰ্থযাত্ৰী পঞ্জাৱলৈ উভতি আহিছে।

উভতি অহা সকলো তীৰ্থ যাত্ৰীকে পঞ্জাৱৰ স্বাস্থ্য বিভাগে কোৱাৰেন্টাইন কৰিছে।