NORTHEAST NOW (Assamese)
অসম

দুৰ্ভিক্ষ, মহামাৰী, বহু মানুহৰ মৃত্যুৰ সাক্ষী এইজন ককাই এইবাৰ দেখিলে লকডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2020 9:59 pm
This old man has seen Bengal famine, epidemics but lockdown is a first

হাৰাধন সাহা নামৰ পশ্চিম বংগৰ ১১০ বছৰীয়া বৃদ্ধজনে নিজৰ সুদীৰ্ঘ জীৱনত মহামাৰীৰ পৰা আৰম্ভ কৰি দুৰ্ভিক্ষলৈকে অসংখ্য ঘটনা আৰু মানুহৰ মৃত্যুৰ সাক্ষী হৈছে।

পিছে ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন পশ্চিম বৰ্ধমানৰ সৰস্বতীগঞ্জ গাঁৱৰ এই বৃদ্ধজনৰ বাবে জীৱনৰ নতুন অভিজ্ঞতা।

তিনি দশকৰ পূৰ্বে পত্নীহাৰা হোৱা সাহা এতিয়াও নিয়মীয়াকৈ মন্দিৰলৈ যায়, কাণেৰে সামান্য কম শুনাৰ বাহিৰে আন ব্যাধিয়েও তেওঁক এতিয়াও লগ দিয়া নাই।

“মই ১৯৪০ৰ বিধ্বংসী বংগ দুৰ্ভিক্ষ আৰু ১৯৭৪ চনৰ বৰ আই মহামাৰী দেখিছো। তাৰ মাজতে কলেৰাৰ প্ৰাদুৰ্ভাৱো আছিল। কিন্তু, চলিত লকডাউন মোৰ বাবে প্ৰথম অভিজ্ঞতা,” হিন্দুস্তান টাইমছত সাহাৰ উদ্ধৃতি।

শতায়ু গৰকা ব্যক্তিজনে আশা প্ৰকাশ কৰে যে বিজ্ঞানীসকলে সোনকালেই ক’ভিড-১৯ৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ সক্ষম হ’ব।

“চিকিৎসা বিজ্ঞান আজি ইমান আগবঢ়া। এই বেমাৰৰ বিৰুদ্ধে প্ৰতিষেধক আমি কিয় পাব নোৱাৰিম?” তেওঁ কয়।

তেওঁ কয় যে বৰ আইৰ প্ৰাদুৰ্ভাৱৰ সময়ত তেওঁলোকৰ গাঁৱত চিকিৎসাৰ সুবিধা তেনেই কম আছিল আৰু তেওঁ তেওঁৰ কেইবাজনো বন্ধুক হেৰুৱাব লগা হৈছিল।

১১টা সন্তানৰ পিতৃ সাহাৰ লকডাউনত এতিয়া এটাই অসুবিধা হৈছে—তেওঁ তেওঁৰ নিয়মীয়া আড্ডাটো মিছ কৰিছে!