NORTHEAST NOW (Assamese)
অসম

এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল সুলভ মূল্যৰ ব্যৱসায়ী সন্থা : দিল্লী চলো জেল ভৰো কাৰ্য্যসূচী ৰূপায়ণ

Posted by: পাৰ্শ্বজ্যোতি গগৈ September 26, 2018 6:45 am
Fair price Shop

২৫ ছেপ্তেম্বৰত দেশৰ ৰাজধানী দিল্লীত সমগ্ৰ ভাৰতবৰ্ষৰ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই লোৱা “দিল্লী চলো জেল ভৰো” শীৰ্ষক প্ৰতিবাদী কাৰ্য্যসূচীত দেশৰ সকলো ৰাজ্যৰ লগতে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলেও অংশগ্ৰহণ কৰে। অসমৰ প্ৰতিখন জিলাৰ পৰা সুলভ মূল্যৰ দোকানৰ শতাধিক ব্যৱসায়ীয়ে এই প্ৰতিবাদী সমদলত অংশ গ্রহণ কৰে।

উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সুলভ মূল্যৰ দোকানবোৰ বন্ধ কৰি দিয়াৰ আঁচনি লোৱাৰ কথা পোহৰলৈ আহিছিল। ইয়াৰ ফলত এই দোকানৰ জৰিয়তে পৰিয়াল পোহপাল দি থকা লাখ লাখ ব্যৱসায়ীৰ সংস্থাপন হেৰোৱাৰ উপক্ৰম হৈছে।

“দিল্লী চলো জেল ভৰো” শীৰ্ষক প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰে।

“সদৌ ভাৰত ফেয়াৰ প্ৰাইচ শ্ব’প ডীলাৰ্ছ ফেডাৰেইশ্যন”ৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হয়। সমগ্ৰ দেশৰ কেইবা হাজাৰ সুলভ মূল্যৰ ব্যৱসায়ীৰ উপস্থিতিত মঙ্গলবাৰে  দিনৰ ১০ বজাত দিল্লীৰ ৰামলীলা ময়দানৰ পৰা যন্তৰ মন্তৰলাকে এই প্ৰতিবাদী শোভাযাত্ৰা কৰা হয়।

সুলভ মূল্যৰ ব্যৱসায়ীসকলে চৰকাৰৰ ওচৰত উত্থাপন কৰা মূল দাবীসমূহ হল,-

১। সকলোৰে বাবে খাদ্য, কেৰাচিন তেল যোগান বাহাল ৰখা

২। চণ্ডীগড় আৰু পণ্ডেচেৰীত ডাইৰেক্ট বেনিফিট ট্ৰাণ্সফাৰ প্ৰথা প্ৰত্যাহাৰ কৰি ৰেচন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা

৩। কুইণ্টলে প্ৰতি নিম্নতম ২৫০ টকা কমিশ্যন নিৰ্ধাৰণ কৰা, ৪। ৰেচন ডীলাৰসকলৰ মাহিলি ৩০ হাজাৰ টকা নিম্নতম আয়ৰ গেৰাণ্টিৰ ব্যৱস্থা কৰা।