NORTHEAST NOW (Assamese)
অসম

অসমীয়াৰ জাতীয় উৎসৱ বিহুক ধৰ্মীয়কৰণ নকৰিবলৈ সকীয়নি আলফা স্বাধীনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 15, 2022 4:10 pm
Bihu banner

ডিব্ৰুগড় মাৰোৱাড়ী যুৱ মঞ্চই আয়োজন কৰা বিহু সন্মিলনৰ বেনাৰ-পোষ্টাৰ শুধৰাবলৈ নিৰ্দেশ দিছে আলফা স্বাধীনে।

বিহুক ধৰ্মীয় অনুষ্ঠানৰ লগত একাকাৰ কৰাত ক্ষুন্ন হৈ পৰিছে আলফা স্বাধীন।

উল্লেখ্য যে ডিব্ৰুগড় মাৰোৱাড়ী যুৱ মঞ্চই ১৬ আৰু ১৭ এপ্ৰিলত দুদিনীয়া কৈ অনুষ্ঠিত কৰিব লোৱা লুইতপৰীয়া বিহু সন্মিলনৰ প্ৰচাৰৰ বাবে ছপোৱা বেনাৰ-পোষ্টাৰৰ বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল।

কিয়নো বিহু সন্মিলনৰ কাৰ্যসূচীত এটাও বিহুৰ অনুষ্ঠান নাই। ইয়াৰ বিপৰীতে দুয়োটা দিনতে হনুমান জন্মোৎসৱৰ শোভাযাত্ৰা অনুষ্ঠিত কৰাক লৈ ক্ষুন্ন হৈ পৰিছে আলফা স্বাধীনৰ লগতে বহু সচেতন ব্যক্তি।

আলফা স্বাধীনে বিহুক ধৰ্মীয়কৰণ নকৰিবলৈ সকীয়াই দিয়াৰ লগতে অনতিপলমে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা লুইতপৰীয়া বিহু সন্মিলনৰ বেনাৰ-পোষ্টাৰ শুধৰাই দিবলৈ নিৰ্দেশ দিয়ে।

তদুপৰি, আলফা স্বাধীনে এই বেনাৰ-পোষ্টাৰ মাৰোৱাড়ী যুৱ মঞ্চৰ যিটো ফেচবুক পেজত প্ৰচাৰ কৰিছিল তাত শুধৰণি কৰা বেনাৰ-পোষ্টাৰ পুনৰ দিবলৈ নিৰ্দেশ দিয়ে।

এই সন্দৰ্ভত আলফা স্বাধীনৰ এগৰাকী সদস্য আৰু ডিব্ৰুগড়ৰ মাৰোৱাড়ী যুৱ মঞ্চৰ এগৰাকী কৰ্মীৰ টেলিফোনিক বাৰ্তালাপো আমাৰ হাতত পৰিছে।

শুনক কি কথা হৈছিল দুয়োজন ব্যক্তিৰ মাজত।