NORTHEAST NOW (Assamese)
অসম

বোকাজানৰ চিমে’ণ্ট কাৰখানা চৌহদৰ কেন্দ্ৰীয় বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অভিভাৱকৰ

Posted by: নংগি তেৰাং February 20, 2018 9:38 pm
KV Bokajan

কাৰ্বি আংলঙৰ বোকাজানৰ চিমে’ণ্ট কাৰখানাৰ চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয় বন্ধ হ’ব পাৰে।

মঙলবাৰে বোকাজানৰ চিমে’ণ্ট কৰ্পৰে’চন ইণ্ডিয়া লিমিটে’ডৰ প্ৰৱেশদ্বাৰত এই বিদ্যালয়খন বন্ধ কৰাৰ বিৰুদ্ধে বিদ্যালয়খনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে  প্ৰতিবাদ সাব্যস্ত কৰে।

বিদ্যালয়খনত বহুত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকাৰ কথা উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে কয় যে বিদ্যালয়খন বন্ধ হ’লে ই ৰাইজৰ বাবে অনাহক সমস্যাৰ সৃষ্টি কৰিব।

অভিভাৱকসকলে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিবৰ বাবে দাবী জনাই বোকাজানৰ মহকুমাধিপতি দিলীপ তেৰাঙৰ যোগেদি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।