NORTHEAST NOW (Assamese)
অসম

এ পি এচ চি গোচৰত গ্ৰেপ্তাৰ ধুবুৰী, মৰিগাঁৱৰ কৰ অধীক্ষক : সোধ-পোচ আৰম্ভ আৰক্ষীৰ

Posted by: অভিক চক্ৰবৰ্তী February 20, 2018 9:01 pm
Assam-Public-Service-Commission-Logo

এ পি এচ চি গোচৰত গ্ৰেপ্তাৰ হৈছে ধুবুৰী আৰু মৰিগাঁৱৰ কৰ অধীক্ষক।

দুৰ্নীতিৰে এ পি এচ চিৰ চাকৰি লোৱাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে বিকাশ কুমাৰ পিঞ্চা আৰু মানস প্ৰতীম হালৈক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা বিকাশ পিঞ্চা ধুবুৰীত আৰু হালৈ মৰিগাঁৱত কৰ পৰিদৰ্শক হিচাপে নিযুক্ত হৈ আছিল।

ডিব্ৰুগড় আৰক্ষী থানাত পঞ্জীকৃত ৯৩৬/ ১৬ গোচৰত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

দুয়োজন অভিযুক্তকে বৰ্তমান কাহিলীপাৰাৰ বিশেষ অভিযানকাৰী গোটত ৰখা হৈছে।

তদন্তকাৰী বিষয়া ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে এন ই নাওক জনায়, ‘তেওঁলোক দুয়োৰে বিৰুদ্ধে যথেষ্ঠ তথ্য-প্ৰমাণ পোৱা বাবে আমি দুয়োকে গ্ৰেপ্তাৰ কৰিছো। আমি ইতিমধ্যে সোধ-পোচ আৰম্ভ কৰিছো।’