NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ নগৰত অ’বিচি মৰ্চাৰ উদ্যোগত সেৱামূলক কাৰ্যসূচী ৰূপায়ণ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 30, 2021 2:17 pm
20210530_123137

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ বৰ্ষপূতি উপলক্ষে আজি সমগ্ৰ ৰাজ্যত ভাৰতীয় জৱতা পাৰ্টি অ’বিচি মৰ্চাৰ উদ্যোগত সেৱাই সংগঠন নামেৰে এক সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত কাৰ্যসূচী হিচাপে আজি ভাৰতীয় জনতা পাৰ্টিৰ অ’বিচি মৰ্চাৰ শিৱসাগৰ জিলা সমিতি আৰু মণ্ডল সমিতিৰ সহযোগত শিৱসাগৰৰ অল্ড মডেল হস্পিতালৰ কোভিড ৰোগীসকলৰ মাজত ফল-মূল, বিস্কুত আদিকে ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰে।

ভাৰতীয় জনতা পাৰ্টিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি বিতুপন ৰাইদঙীয়াৰ লগতে অ’বিচি মৰ্চাৰ শিৱসাগৰ জিলা সমতিৰ বহু নেতা কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে আজি সমগ্ৰ অসমতে অ’বিচি মৰ্চাৰ জিলা সমিতি সমুহৰ উদ্যোগত সকলো কোভিড চিকিৎসালয়ত এইদৰে কোভিড ৰোগীসমূহৰ মাজত ফল-মূলকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে বুলি ৰাজ্যিক সভাপতি বিতুপন ৰাইদঙিয়াই জানিবলৈ দিয়ে।