NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ এনকাউন্টাৰত নিহত নৱগঠিত বড়ো উগ্ৰপন্থী সংগঠন ইউ এল বিৰ দুই কেডাৰ

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ September 18, 2021 10:11 am
ULB militant killed

কোকৰাঝাৰৰ উল্টাপানী বনাঞ্চলত পুৱতি নিশা অসম আৰক্ষীৰে হোৱা সংঘৰ্ষত বড়োলেণ্ডত নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড (ইউ এল বি)ৰ দুজন কেডাৰ নিহত হৈছে।

নিহত উগ্ৰপন্থী দুজনৰ মৃতদেহ বৰ্তমান ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

নিহত উগ্ৰপন্থী দুজনক জাংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে নিহত উগ্ৰপন্থী দুজনৰ জিম্মাৰ পৰা দুটা পিষ্টল আৰু ৮টা গ্ৰেনেড উদ্ধাৰ কৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ বড়োভূমিত ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড নামৰ নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠনটোৱে ভুমুকি মাৰিছে। এই সন্দৰ্ভত নতুন সংগঠনটোৱে তেওঁলোকৰ অস্তিত্ব আনুষ্ঠানিভাৱে ঘোষণা কৰিছিল।

স্বাধীন বড়োলেণ্ডৰ দাবীত এই ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড (ULB) গঠন কৰা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিছিল।

সংবাদ মাধ্যমলৈ ভিডিঅ’ আৰু বিজ্ঞপ্তি পঠিয়াই সংগঠনটো গঠন কৰাৰ কথা ঘোষনা কৰিছিল বিদ্ৰোহী সংগঠনটোৱে।

১৫ ছেপ্টেম্বৰত সশস্ত্ৰ সংগঠনটোৱে বিজ্ঞপ্তি প্ৰকাশ কৰি তেওঁলোকৰ অস্তিত্বৰ কথা ঘোষণা কৰিছিল।

ঐতিহাসিক বড়ো শান্তি চুক্তিৰ পিছত বড়োভূমিত নতুন উগ্ৰপন্থী সংগঠনে ভুমুকি মৰা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।