NORTHEAST NOW (Assamese)
অসম

প্ৰথমবাৰৰ বাবে পাকিস্তানী বায়ুসেনাৰ পাইলট পদত নিযুক্ত কোন এইগৰাকী হিন্দু যুৱক?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2020 12:27 pm
552098-pak-air

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী হিন্দু যুৱকক দেশখনৰ বায়ুসেনাৰ পাইলট হিচাপে নিযুক্তি দিয়া হৈছে।

পাকিস্তানী বায়ুসেনাত জেনেৰেল ডিউটি পাইলট অফিচাৰ হিচাপে নিযুক্ত হোৱা যুৱকজনৰ নাম হৈছে ৰাহুল দেব।

পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত এই কথা সদৰী কৰা হৈছে।

বাতৰি অনুসৰি, ৰাহুল দেব সিন্ধ প্ৰান্তৰ আটাইতকৈ ডাঙৰ জিলা থৰপাৰকৰৰ বাসিন্দা। পাকিস্তানৰ থৰপাৰকৰত অধিক সংখ্যক হিন্দু লোক বাস কৰে।

উন্নয়নৰ পৰা বঞ্চিত উক্ত অঞ্চলটোৰ পৰা পাকিস্তানৰ বায়ুসেনাত যোগদান কৰা ৰাহুল দেব হৈছে প্ৰথমগৰাকী ব্যক্তি।

ৰাহুল দেবৰ এই নিযুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছে ‘অল পাকিস্তান হিন্দু পঞ্চায়ত’ৰ সচিব ৰবি দৱানীয়ে।

দৱানীয়ে কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ কেইজনমান সদস্যই অসামৰিক সেৱাৰ লগতে সেনাৰ আন শাখাতো সেৱা আগবঢ়াই আহিছে। বিশেষকৈ দেশখনৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ চিকিৎসক হিন্দু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে।

তেওঁ লগতে কয় যে চৰকাৰে যদি সংখ্যালঘুসকলক গুৰুত্ব দিয়ে তেতিয়াহ’লে আগন্তুক দিনত এনেকুৱা আৰু বহু ৰাহুল দেব দেশৰ সেৱাৰ বাবে সাজু থকা বিচাৰি পাব।