NORTHEAST NOW (Assamese)
অসম

মণিপুৰত বৈধ হোৱাৰ পথত মাৰিজুৱানাৰ খেতি; কেবিনেটত আলোচনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2019 12:15 pm
marijjuana

এন বীৰেন সিঙ নেতৃত্বাধীন মণিপুৰ চৰকাৰে মাৰিজুৱানা বা কান্নাবিছ খেতিক বৈধতা দিয়া সন্দৰ্ভত চিন্তা চৰ্চা কৰিছে।

মণিপুৰৰ কেবিনেটৰ এখন বৈঠকত মাৰিজুৱানা খেতিক বৈধতা প্ৰদানৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, মাৰিজুৱানাক ঔষধ আৰু উদ্যোগত ব্যৱহাৰ কৰাৰ বাবে বৈধতা প্ৰদান সন্দৰ্ভত বিগত সপ্তাহত মুখ্য মন্ত্ৰী এন বীৰেন সিঙে মন্তব্য কৰিছিল।

মণিপুৰত বৃহৎ পৰিমাণত মাৰিজুৱানাৰ খেতি কৰা হয় আৰু অসমকে ধৰি দেশৰ বিভিন্ন অংশলৈ মণিপুৰৰ পৰা বিভিন্ন দুষ্ট চক্ৰই নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰি আহিছে।

আনহাতে, মণিপুৰ চৰকাৰে মাৰিজুৱানা সম্পৰ্কত কেবিনেটত লবলগীয়া সিদ্ধান্ত ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে আলোচনা কৰিহে গ্ৰহণ কৰিব বুলি আশ্বাস দিছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰেও পূৰ্বতে এবাৰ মাৰিজুৱানাক ভাৰতে ব্যৱসায়ীক ভিত্তিত বৈঠতা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছিল।