NORTHEAST NOW (Assamese)
Popular Stories

ৰিজাৰ্ভ বেংকৰ জাননী : বেংকে গ্ৰাহকৰ একাউণ্টত প্ৰতি দিনে দিব লাগিব ১০০ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2019 12:33 pm

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সমূহৰ টাৰ্ন এৰাউণ্ডৰ সন্দৰ্ভত গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ। ফলত এতিয়াৰে পৰা বেংকৰ গ্ৰাহক সকলে অলনাইন লেনদেন কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ পৰা কিছু সকাহ পাব।

প্ৰায় সংখ্যক গ্ৰাহকে ডিজিটেল মাধ্যমৰ জৰিয়তে ধনৰ লেনদেন কৰোতে লেনদেন বিফল হ’লে বহু সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।

কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰা এই নতুন নিয়মৰ পিছত আপুনি গ্ৰাহকে এই সমস্যাৰ সন্মুখীন হ’ব লগীয়া নহয়। বিপৰীতে ইয়াৰ পৰা গ্ৰাহকসকল উপকৃতহে হ’ব।

উল্লেখযোগ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সমূহক গ্ৰাহকে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমূহ অতি সোনকালে সমাধান কৰাৰ বাবে নিৰ্দেশ দিয়ে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুনকৈ গ্ৰহণ কৰা এই পদক্ষেপ অনুসৰি কোনো গ্ৰাহকে যদি ডিজিটেল লেনদেন কৰাৰ সময়ত বিফল হয় তেন্তে লেনদেনৰ সময়ত বিফল হোৱা ধন ৰাশি নিৰ্দিষ্ট সময়ৰ ভিতৰত বেংকে গ্ৰাহকক ঘূৰাই দিব লাগিব।

আৰু যদি বেংকে নিৰ্দিষ্ট সময়ৰ ভিতৰত লেনদেনৰ সময়ত বিফল হোৱা ধন ঘূৰাই নিদিয়ে তেন্তে বেংক আৰু ডিজিটেল ৱালেট সমূহে প্ৰতি দিনে ১০০ টকাকৈ জৰিমনা হিচাপে গ্ৰাহকক দিব লাগিব। এই কথা ভাৰতীয় ৰিজাৰ্ভ বেংকে এক জাননী যোগে জাৰি কৰিছে।