NORTHEAST NOW (Assamese)
অসম

নলবাৰীৰ জাপি নিৰ্মাণত ব্ৰতী শিল্পীসকলৰ বাবে বিশেষ পেকেজ ঘোষণাৰ দাবী ছাত্ৰ সন্থাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2020 9:10 am

দেশজোৰা লকডাউনৰ ফলত সাধাৰণ জনতাৰ লগতে নলবাৰী জিলাৰ বাঁহ-বেতৰ, তথা জাপি নিৰ্মাণ কাৰ্যত ব্ৰতী শিল্পীসকলৰ আৰ্থিক দুৰৱস্থা দূৰ কৰাৰ বাবে নলবাৰী জিলা ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰক বিশেষ পেকেজ ঘোষণাৰ দাবী জনায়।

জিলা ছাত্ৰ সন্থাই এই শিল্পীখিনিৰ জীৱন নিৰ্বাহ সুচল হোৱাকৈ বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিবলৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

সোমবাৰে সদৌ নলবাৰী জিলা সন্থাৰ তৰফৰ পৰা নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ চৌধুৰীক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰখন প্ৰেৰণ কৰা বুলি জনায়।

ইয়াৰ উপৰি লকডাউনৰ সুযোগ লৈ নলবাৰী জিলাত একাংশ অসাধু ব্যৱসায়ীয়ে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি যথেষ্ট সমস্যাৰ সৃষ্টি কৰা বুলি ছাত্ৰ সন্থাৰ দলটোৱে উপায়ুক্তক অভিযোগ দিয়ে।

যধে মধে বৃদ্ধি পোৱা মূল্য নিয়ন্ত্ৰণ কৰি উচিত মূল্যত যাতে ৰাইজে সামগ্ৰী ক্ৰয় কৰিব পাৰে, তাৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

ইফালে জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোক উপায়ুক্ত ভাৰত ভূষণ চৌধুৰীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে৷