NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰ উপত্যকাৰ কভাৰেজৰ বাবে তিনিগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰলৈ পুলিৎজাৰ বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2020 12:11 pm
pulitzer-medal-1280x720

কাশ্মীৰ উপত্যকাৰ ঘটনা প্ৰবাহৰ কভাৰেজ দাঙি ধৰা তিনিগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰক প্ৰসিদ্ধ পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে।

এই তিনিওগৰাকী ফটোগ্ৰাফাৰে কাশ্মীৰত বাস কৰে। ফটোগ্ৰাফাৰ কেইগৰাকীয়ে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছৰ পৰিস্থিতিত সংঘটিত হোৱা ঘটনা প্ৰবাহক নিজৰ কেমেৰাত বন্দী কৰি জনসাধাৰণৰ আগত দাঙি ধৰিছিল।

পুলিৎজাৰ বঁটাৰে সন্মানিত এই ফটোগ্ৰাফাৰ তিনিগৰাকী হৈছে য়াছিন ডৰ, মুখতাৰ খান আৰু চন্নী আনন্দ।

ফটোগ্ৰাফাৰ তিনিগৰাকীক পুলিৎজাৰ ফিচাৰ ফটোগ্ৰাফী বঁটা প্ৰদান কৰা হৈছে।

তিনিওগৰাকী ফটোগ্ৰাফাৰে বিশ্বৰ আগশাৰীৰ নিউজ এজেন্সি এছোছিয়েটেড প্ৰেছৰ হৈ কৰ্মৰত।

চন্নী আনন্দ জম্মুত থকাৰ বিপৰীতে য়াছিন ডৰ আৰু মুখতাৰ খান শ্ৰীনগৰৰ বাসিন্দা। বিগত ২০ বছৰ ধৰি চন্নী আনন্দ এছোছিয়েটেড প্ৰেছৰ সৈতে কাম কৰি আছে। কালি মাজনিশা পুলিৎজাৰ বঁটা ঘোষণা কৰা হয়।

ফটোগ্ৰাফাৰ কেইগৰাকীয়ে কাশ্মীৰৰ স্বাভাৱিক জনজীৱনৰ লগতে সংঘৰ্ষপীড়িত অঞ্চলৰ বিক্ষোভকাৰী আৰু সুৰক্ষা বাহিনীৰ ফটো বিশ্বৰ আগত দাঙি ধৰিছিল।

উল্লেখ্যে যোৱা বছৰ পাঁচ আগষ্টত ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰিছিল।