NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰৰ বাহনৰ পৰা উদ্ধাৰ ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ: দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2022 10:34 pm
Drugs seized

ৰাজ্যৰ সৰ্বত্ৰে বৃদ্ধি পোৱা ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ মাজতে আজি কাৰ্বি আংলং জিলাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নিচাজাতীয় দ্ৰব্য মৰ্ফিনৰ এক বৃহৎ ভাণ্ডাৰ।

এই বৃহৎ সফলতা সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ আধাৰত আৰক্ষীয়ে জিলাখনৰ দিলাইত এক চেক-পোষ্ট স্থাপন কৰা হৈছিল।

পুৱা প্ৰায় ১১.৩০ বজাত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰ থকা মণিপুৰৰ পৰা অহা এখন বাহন দিলাইৰ এই চেক-পোষ্টত আটক কৰা হয়।

বাহনখনৰ পুংখানুপুংখ অনুসন্ধানৰ পিছত বাহনখনৰ পিছফালে লুকুৱাই ৰখা প্ৰায় ৪ কিলোগ্ৰাম মৰ্ফিন উদ্ধাৰ কৰা হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

জব্দকৃত এই বৃহৎ মৰ্ফিনখিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

এই মৰ্ফিন সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত দুয়ো ব্যক্তি মণিপুৰৰ পৰা আহিছিল বুলি বিষয়াগৰাকীয়ে লগতে কয়।