NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত দৰিকা নৈৰ বাঢ়নী পানীত পৰি দুজন লোকৰ মৃত্যু

Posted by: পার্শ্বজোতি গগৈ August 3, 2018 9:08 pm
Sivasagar Flood

শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত যোৱা কিছুদিন দিখৌ নদীৰ লগতে উপনদী সমূহৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি শিমলুগুৰিৰ লোণপুৰীয়াত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত দৰিকা নৈৰ বাঢ়নী পানীত পৰি দুজন ব্যক্তিৰ মৃত্যু হয়।

মৃত ব্যক্তি দুজনক শিমলুগুৰি থানাৰ অন্তৰ্গত লুণপুৰীয়া গাঁৱৰ ক্ৰমে লিলাম্বৰ দত্ত (৭০) আৰু বিপিন দত্ত (৬০) বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে আজি দুপৰীয়া ম’হ এৰাল দিবলৈ যোৱা লোকদুজনক লোণপুৰীয়া অঞ্চলেদি প্ৰৱাহিত হোৱা দৰিকা নদীৰ পানীয়ে উটোৱাই নিয়ে, প্ৰথমতে পানীত পৰা লিলাম্বৰ দত্তক বিপিন দত্তই পানীৰ পৰা উঠাবলৈ চেষ্টা কৰে যদিও দুৰ্ভাগ্যবশতঃ দুয়োজন ব্যক্তিৰেই সলিল সমাধি ঘটে।

ঘটনাৰ খবৰ লাভ কৰি কিছু সময়ৰ পিছত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লগতে স্থানীয় ৰাইজে দৰিকা নদীত দুয়োজন ব্যক্তিক বিচাৰি অভিযান চলাইছিল যদিও তেওঁলোকৰ নশ্বৰ দেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

 

লোক দুজনৰ মৃত্যুত বৰ্তমান অঞ্চলটোত শোকৰ ছা পৰিছে।