NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি; লুট কৰি নিলে নগদ ধনকে ধৰি কেইবা লাখ টকাৰ সা-সামগ্ৰী

September 26, 2018 10:47 pm
Sivasagar burglary incident

শিৱসাগৰৰ চহৰৰ মাজমজিয়াত অৱস্থিত সুৰিয়া ডিজিটেল নামৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত ২৫ ছেপ্তম্বৰৰ নিশা সংঘটিত এক চুৰি কার্যত চোৰে কেইবাটাও দামী ডিজিটেল কেমেৰা লগতে বহু সমগ্ৰী চুৰি কৰি নিয়ে।

প্ৰাপ্ত তথ্য মতে সমাগ্ৰী সমূহৰ ভিতৰত কেইবা লাখ টকা মূল্যৰ কেমেৰাৰ লগতে ফটো প্ৰিন্ট কৰা মেচিন খুলি তাৰ পৰা লেজাৰসমূহ লৈ যায়।

দোকানখনৰ এগৰাকী কৰ্মচাৰীয়ে দিয়া ভাষ্য অনুসৰি তেওঁ ৰাতিপুৱা দোকান খুলিবলৈ আহি দোকানখনৰ চাটাৰৰ তলা ভঙা অৱস্থাত দেখা পায়। লগে লগে পুলিচক অৱগত কৰে আৰু শিৱসাগৰ সদৰ থানাৰ পুলিচৰ দল এটা আহি দোকানখন খুলাত চুৰিকাৰ্যৰ কথা পোহৰলৈ আহে। বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

অতি পৰিতাপৰ কথা যে শিৱসাগৰ আৰক্ষীৰ দূৰ্বল নিৰাপত্তা ব্যৱস্থাৰ সুবিধা লৈ  নগৰৰ মাজমজিয়াৰ পৰাই গাড়ীত আহি চুৰে চুৰি কাৰ্য কৰি নিবিঘ্নে পলাই যাবলৈ সক্ষম হ’ল। কিছুদিন পূৰ্বেও একে ৰাতিতে দুখনকৈ মোবাইল দোকানৰ পৰা চোৰে বহু টকা মূল্যৰ মোবাইল ফোন চুৰি কৰি লৈ গৈছিল।

শিৱসাগৰ আৰক্ষীৰ নিৰাপত্তাৰ দিশৰ দূৰ্বলতাৰ বাবেই এইদৰে চোৰে দৈনিক চুৰি কাৰ্য সম্পন্ন কৰিব পাৰিছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে।