NORTHEAST NOW (Assamese)
অসম

টংলা মহাবিদ্যালয়ৰ ছাত্ৰ মৃচাংক বসুমতাৰীৰ হত্যাকাৰিক শাস্তিৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদী সমদল

Posted by: ৰিনয় বসুমতাৰী September 27, 2018 7:15 am
Kokrajhar

বি টি এ ডিৰ ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ৰ ছাত্ৰ মৃচাংক বসুমতাৰীক উন্মুক্ত দুষ্কৃতিকাৰীৰ দলে অতি বৰ্বৰচিতভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত কালি সন্ধিয়া কোকৰাঝাৰ চহৰত এক সমদল উলিওৱা হয়।

উক্ত সমদলত কোকৰাঝাৰৰ ৭ খন শিক্ষা প্ৰতিষ্ঠানৰ ডেৰ শতাধিক ছাত্ৰ -ছাত্ৰীয়ে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় প্ৰাঙ্গনৰ পৰা  হাতে হাতে মমবাতি লৈ কোকৰাঝাৰ চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি ‘হত্যাকাৰীক শাস্তি দিয়ক’, ‘আমাক ন্যায় লাগে’ ইত্যাদি শ্লোগানেৰে চহৰৰ ৰাজপথ কপাই তোলে ৷

মৃচাংক বসুমতাৰীৰ হত্যাকাণ্ড সম্পৰ্কে জানিবলৈ ইয়াত ক্লিক কৰক। 

নৰ্থ-ইষ্ট ফৰ ইন্টাৰনেচনেল ছলিডেৰিটি (NEFIS)ৰ সভাপতি খৌমছাই ব্ৰহ্ম নেতৃত্বত উলিওৱা সমদলত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, আইন মহাবিদ্যালয়, বানিজ্য মহাবিদ্যালয়, বি এড মহাবিদ্যালয়, চি আই টি, মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ, বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু ডায়েটৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে টংলা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ছেমিষ্টাৰৰ ছাত্ৰ মৃশাংঙ্খ বসুমতাৰীক দুষ্কৃতিকাৰীয়ে নৃসংশভাৱে হত্যা কৰা ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ৫ জন লোকক আটক কৰিছে।