NORTHEAST NOW (Assamese)
অসম

অখিল গগৈৰ সুস্বাস্থ্য কমনা আৰু মুক্তিৰ দাবীৰে শিৱসাগৰৰ বিভিন্ন স্থানত নিজ নিজ ঘৰৰ পদুলিত বন্তি প্ৰজ্বলন 

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 5, 2020 9:24 pm

কৰাৰুদ্ধ অখিল গগৈৰ সুস্বাস্থ্য কামনা কৰি আৰু সকলো ‘কা’ বিৰোধী আন্দোলনকাৰীৰ মুক্তিৰ দাবীৰে বীৰ লাচিত সেনাই আজি সন্ধিয়া সমগ্ৰ ৰাজ্যবাসীক নিজৰ নিজৰ ঘৰৰ পদুলিৰ মুখত এগচি বন্তি জ্বলাবলৈ আহ্বান জনাইছিল।

অসম আৰু অসমীয়া জাতিৰ হকে আপোচবিহীনভাৱে মতমতা কৃষক নেতা অখিল গগৈক চৰকাৰে যোৱা ৬ মাহ ধৰি কাৰগাৰত বন্দি কৰি ৰাখিছে। চৰকাৰে ইটোৰ পিছত সিটো গোচৰ জাপি দি সংগ্ৰামী নেতা জনক আজীৱন কাৰাবন্দী কৰি ৰখাৰ ষাড়যন্ত্ৰ কৰিছে বুলি দাবী কৰে বীৰ লাচিত সেনাই।

আজি সন্ধিয়া শিৱসাগৰৰ বিভিন্ন স্থানত অখিল গগৈৰ সুস্বাস্থ্য কামনা কৰি নিজৰ নিজৰ ঘৰৰ পদুলিত এগচি বন্তি জ্বলোৱাৰ লগতে এই বন্তিৰ জৰিয়তে  অখিল গগৈ লগতে সকলো কাৰাবন্দী নেতাক মুকলি কৰি দিয়াৰ বাবে প্ৰতীকী প্ৰতিবাদী সাব্যস্ত কৰা হয়।

ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে বিভিন্ন স্থানত কাৰাবন্দী সকলক মুকলি কৰি দিছে তেনেস্থলত অসম চৰকাৰে কিয় অখিল গগৈ আৰু আন আন ‘কা’ বিৰোধী আন্দোলনকাৰী সকলক মুকলি কৰি দিয়া নাই তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কৃষক নেতাজনৰ মুক্তিৰ বাবে আলফা স্বাধীনেও দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছিল।

ইপিনে, নিজ পুত্ৰৰ সুস্বাস্থ্য কমনা কৰি আজি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়েও নিজা গৃহৰ পদুলিত এগচি বন্তি জ্বলায় প্ৰৰ্থনা কৰে।