NORTHEAST NOW (Assamese)
Popular Stories

‘ল’কডাউনৰ ৩.০ৰ পিছত কি হ’ব?’ ভাৰত চৰকাৰলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং আৰু ছোনিয়া গান্ধীৰ প্ৰশ্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2020 2:39 pm
New Delhi: Congress interim President Sonia Gandhi with party leader Dr Manmohan Singh during a meeting of party general secretaries, state in-charges, state unit chiefs and others at party Headquarters in New Delhi on Sep 12, 2019. (Photo: IANS)

বুধবাৰে কংগ্ৰেছ শাসিত মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিং আৰু কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে।

‘কি হ’ব ১৭ মে’ৰ পিছত? আৰু ইয়াৰ পিছত, ১৭ মে’ কেনেকৈ? কেতিয়ালৈকে ল’কডাউন অব্যাহত ৰাখিব, চৰকাৰৰ ইয়াক কেনেকৈ নিৰ্ধাৰণ কৰিব?’ বৈঠক এইদৰে কয় কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে বৈঠকত কয়, ‘আমি এইটো জনাৰ জৰুৰী যে ল’কডাউন ৩.০ ৰ পিছত কি হ’ব?’

ছোনিয়া গান্ধীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ৰাজ্যসমূহত ক’ৰ’না ভাইৰাছ প্ৰভাৱ আৰু বৰ্তমান স্থিতি সম্পৰ্কত আলোচনা কৰে।

প্ৰব্ৰজিত শ্ৰমিকসকল নিজ ৰাজ্যলৈ উভতি অহাৰ পিছত ৰাজ্যসমূহে ল’ব লগা ব্যৱস্থা সম্পৰ্কেও আলোচনা হয় বৈঠকত।

যোৱা সোমবাৰে ছোনিয়া গান্ধীয়ে প্ৰব্ৰজিত শ্ৰমিকসকলৰ ৰেইলৰ ভাড়া কংগ্ৰেছ দলে বহন কৰিব বুলি ঘোষণা কৰিছিল।

প্ৰব্ৰজিত শ্ৰমিকসকলৰ ভাড়া লোৱাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে।

ছোনিয়া গান্ধীয়ে যোৱা ২৩ এপ্ৰিলৰ পৰা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ল’কডাউনৰল পিছৰ বিভিন্ন দিশসমূহকলৈ সাতখন চিঠি প্ৰেৰণ কৰা অৱগত কৰে।

বৈঠকত অংশ লৈ ৰাহুল গান্ধীয়ে ল’কডাউনৰ সময়ত ‘চৰকাৰে মানৱীয় নীতি গ্ৰহণ’ কৰাত ব্যৰ্থ হোৱা বুলি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে।

আজি বৈঠকতে প্ৰাক্তন প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিঙৰ অধ্যক্ষ ৰূপে লৈ এঘাৰজনীয়া এখন পৰামৰ্শদাতা সমিতিও গঠন কৰা হয়।

এই সমিতিখনে ক’ৰ’নাতংকৰ ফলত সৃষ্ট বিভিন্ন দিশসমূহ পৰ্যবেক্ষণ আৰু আলোচনা কৰিব।