NORTHEAST NOW (Assamese)
অসম

চি আই ডিৰ অভিযানত জব্দ ১০ হাজাৰ ৫০০ বটল কফ চিৰাপ; ৫ জনক গ্ৰেপ্তাৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 8, 2020 4:06 pm

আজি চি আই ডিৰ এটা দলে গুৱাহাটীৰ বিভিন্ন স্থান তথা নগাঁৱত অভিযান চলাই জব্দ কৰিছে ১০ হাজাৰ ৫০০ বটল নিষিদ্ধ কফচিৰাপ। এই কথা জনালে চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিস্নয়।

উলুবাৰীস্থিত চি আই ডিৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি লখৰাৰ ৰাজপথত চলা এটা অভিযানত উক্ত কফ চিৰাপখিনি জব্দ কৰা বুলি জনায়।

ফল আৰু পাচলি কঢ়িওৱাৰ বাবে অনুমতি থকা এখন টাটা মেজিক গাড়ীৰ পৰা ৩০ কাৰ্টন কফ চিৰাপ জব্দ কৰে। গাড়ীখনত কল কঢ়িয়াই আনিছিল যদিও গাড়ীৰ ভিতৰত গোপনে আনিছিল এই নিষিদ্ধ চিৰাপ।

আনহাতে গাড়ীখনত আছিল দুটা গোপন চেম্বাৰ, সেই চেম্বাৰত আছিল চিৰাপখিন। চি আই ডিৰ দলে স্নিফাৰ ডগৰ সহযোগত গাড়ীখনৰ দুটা গোপন চেম্বাৰৰ পৰা চিৰাপখিনি উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে।

ইফালে গাড়ীখনত থকা তিনিজন লোককো গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে। পিছত তিনিওৰে স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই লখৰাৰ লাল গুদামত। লাল গুদামতো জব্দ হয় ৬০ কাৰ্টন নিষিদ্ধ কফ চিৰাপ। গুদামটোৰ পৰাও গ্ৰেপ্তাৰ কৰে মেনেজাৰ আৰু গাণণিকক।

আনহাতে নগাঁওতো এই চক্ৰটোৱে মজুট ৰাখিছিল নিষিদ্ধ কফ চিৰাপ। নগাঁৱৰ পৰাও চি আই ডিৰ দলটোৱে ৫৫০ টা কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।

এই সমগ্ৰ অভিযানত ১০ হাজাৰ ৫০০টা নিষিদ্ধ কফ চিৰাপ জব্দ হোৱাৰ লগতে ৫ জন লোক গ্ৰেপ্তাৰ কৰে৷ এই কফ চিৰাপ খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা।

আনহাতে এই কফ চিৰাপখিনি JP ফাৰ্মা কোম্পানিৰ পৰা অনা হৈছিল বুলি জানিউব পৰা যায়। জে পি ফাৰ্মা কোম্পানিৰ স্বত্তাধিকাৰী প্ৰদীপ তালুকদাৰ সম্প্ৰতি পলাতক অৱস্থাত আছে।

সংবাদমেলত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে কোম্পানিটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবে চৰকাৰক আবেদন কৰিব বুলিও জনায়।