NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না ভাইৰাছ প্ৰাণঘাটি নহয়, কেন্দ্ৰ চৰকাৰে এই সম্বন্ধে থকা ভয় দূৰ কৰিব লাগে : ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 8, 2020 4:40 pm

কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মোদী চৰকাৰে গ্ৰহণ কৰা নীতিক সমালোচনা কৰে।

ৰাহুল গান্ধীয়ে এক ভিডিঅ’ প্ৰেছ বাৰ্তাযোগে ক’ৰ’না ভাইৰাছক প্ৰাণঘাটি নহয় বুলি উল্লেখ কৰি এই ভাইৰাছ মাত্ৰ এক শ্ৰেণীৰ লোকৰ বাবেহে ভয়াবহ বুলি কয়।

‘‘আমি মানুহৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব,’’ ৰাহুল গান্ধীয়ে কয়।

‘‘যদি চৰকাৰে ল’কডাউন উঠাই লয় তেনেহ’লে ক’ৰ’নাৰ ভয়ক আত্মবিশ্বাসলৈ পৰিবৰ্তন কৰিব লাগিব……ল’কডাউন মানে তলা বন্ধ আৰু খোলা নহয়,’’ চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয়।

ৰাহুল গান্ধীয়ে ভিডিঅ’ বাৰ্তাটোত মোদী চৰকাৰে গ্ৰহণ কৰা ল’কডাউন নীতিক প্ৰায় প্ৰভাৱহীন বুলি পৰোক্ষভাৱে উল্লেখ কৰি ক’ৰ’না নহয় ল’কডাউনৰ ফলত মানুহ নিবনুৱা হৈ মৰিব বুলিব বুলি মত প্ৰকাশ কৰে।

কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে ল’কডাউন উঠায় লোৱাৰ ক্ষেত্ৰত কাৰ্য্যক্ষম হ’ব লাগে বুলি কয়।

আনহাতে, শ্ৰমিক সকলৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে চৰকাৰে প্ৰত্যক্ষভাৱে শ্ৰমিকৰ একাণ্টলৈ ধন আগবঢ়াব লাগে বুলি মন্তব্য কৰি  এতিয়াই শ্ৰমিকক সহায় নকৰিলে কৰ্মহীনতাই চুনামিৰ সৃষ্টি কৰিব বুলি কয়।

ভিডিঅ’ বাৰ্তাটোত ৰাহুল গান্ধীয়ে ক’ৰ’না নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰ বিফল হোৱা বুলি পাকে-প্ৰকাৰে বুজাবলৈ চেষ্টা কৰা দেখা গ’ল।