NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰে ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল : প্ৰশ্নকাকত ফাদিলেৰে অভিলেখ গঢ়িছিল ছেবাই ‎

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2023 6:43 pm

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহু প্ৰত্যাশিত ফলাফল মে’ৰ শেষৰ ফালে ঘোষণা কৰা হ’ব।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “এই বছৰৰ মে’ মাহৰ শেষৰ ফালে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ বাবে মাধ্যমিক শিক্ষা ব’ৰ্ড অসমে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।”

উল্লেখযোগ্য যে ফলাফলসমূহ ছেবাৰ অফিচিয়েল ৱেবছাইট – sebaonline.org ত প্ৰকাশ কৰা হ’ব।

আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই কয় যে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফল অহা ১৬ মে’ত (মঙলবাৰ) ঘোষণা কৰা হ’ব আৰু উত্তীৰ্ণ সকলৰ নিযুক্তি পত্ৰ অহা ২৬ মে’ত গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত বিতৰণ কৰা হ’ব।

উল্লেখ্য যে এইবাৰ ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হয়। আনহাতে ইখনৰ পিছত প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কিত পৰিস্থিতিৰ মাজতে পৰীক্ষাসমূহ অনুষ্ঠিত হয়।

৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা ২০ মাৰ্চত শেষ হোৱাৰ কথা আছিল যদিও প্ৰশ্নকাকত ফাদিলৰ কাণ্ডৰ পিছত পৰীক্ষাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে পৰীক্ষাৰ তাৰিখ ১ এপ্ৰিললৈ বৃদ্ধি কৰা হয়।