NORTHEAST NOW (Assamese)
অসম

এবাৰ ল’লেই নহ’ব , প্ৰতি বছৰেই ল’ব লাগিব কোভিডৰ ভেকচিন ,আইচিএমআৰে দিলে ইংগিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 3:39 pm
-covid-vaccine

মাৰাত্মক কোভিডৰ ভেকচিন আবিষ্কাৰৰ বাবে ৰাতিক দিন চলিছে গৱেষণা।

আৰু হয়তো খুব কম দিনৰ ভিতৰতে বজাৰলৈ আহিব কোভিডৰ ভেকচিন।

আপাত দৃষ্টিত এই ভেকচিনৰ দামো হ’ব যথেষ্ট বেছি। যি কি নহওক,কিছুমান ৰোগৰ ভেকচিন বছৰত এবাৰ ল’লেই বহু বছৰলৈ আৰু তেনে ভেকচিন ল’ব নালাগে যদিও কোভিডৰ ভেকচিনৰ ক্ষেত্ৰত হয়তো কথাবোৰ অলপ বেলেগ হ’ব পাৰে।

তেনে ইংগিতেই দিলে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চৰ মুৰব্বী ডাঃ বলৰাম ভাৰ্গৱে।

আজি ক’ৰ’ণাৰ সংক্ৰমণ সম্পৰ্কীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি ভাৰ্গৱে কয় যে সাধাৰণ ফ্লু আৰু ইনফ্লুৱেঞ্জাৰ ভেকচিন প্ৰতি বছৰে ল’ব লাগে।

ক’ৰ’ণা ভাইৰাছো যিহেতু এক ধৰমৰ ফ্লু সেয়ে এই ভাইৰাছৰ ভেকচিনো হয়তো প্ৰতি বছৰে ল’ব লাগিব।

তেওঁ লগতে কয় যে ক’ৰ’ণা যিহেতু বিজ্ঞানী সকলৰ লগতে সাধাৰণ মানুহৰ বাবেও এক নতুন ৰোগ সেয়ে ইয়াৰ গতি-প্ৰকৃতি ভালদৰে বুজি উঠিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব।

আইচিএমআৰৰ মুৰব্বী গৰাকীয়ে লগতে কয় যে কোভিচত আক্ৰান্ত প্ৰতি ৬ জন লোকৰ ভিতৰৰে এজনৰ অৱস্থা গুৰুতৰ হোৱা দেখা যায়।

তেনে বক্তিযে জটিল অৱস্থালৈ গতি কৰে বুলিও ভাৰ্গৱে মন্তব্য কৰে।