NORTHEAST NOW (Assamese)
অসম

অসমত পুনৰ ২ জন ক’ভিড-১৯ পজিটিভ, দিনটোত চিনাক্ত ৫

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 8, 2020 9:54 pm
Manipur registers 3rd COVID19 positive case

অসমত আজিৰ দিনটোত পাঁচজনকৈ ব্যক্তি ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

কাছাৰৰে দুজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ।

ৰাজস্থানৰ আজমেৰৰ পৰা অহা বাছত কালি আক্ৰান্ত চাৰিজনৰ লগত আহিছিল এই কেইগৰাকী লোক।

অসমত বৰ্তমানলৈকে আক্ৰান্ত হৈছে ৫৮ গৰাকী লোক। তাৰে এজন লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে ৩৪ জন হাস্পতালৰ পৰা মুক্তি পাইছে।

বৰ্তমান ২৩ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

উল্লেখযোগ্য যে, ইতিমধ্যে বাছখনৰ মুঠ ৪২ গৰাকী যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ডেৰ শতাধিক লোকক কুৱাৰেন্টাইন কৰিছে কাছাৰ জিলা প্ৰশাসনে।

লগতে কাছাৰ জিলা প্ৰশাসনে ১১ খনকৈ গাওঁ কণ্টেইনমেণ্ট হিচাপে ঘোষণা কৰিছে। এই ৪২ গৰাকী যাত্ৰী ৰাজস্থানৰ আজমিৰ শ্বৰীফ দৰ্শনৰ বাবে গৈছিল।