NORTHEAST NOW (Assamese)
অসম

প্ৰায় ১৫৪ কোটি টকাত বিক্ৰী হ’ল ১০২ কেৰেটৰ এটুকুৰা নিখুঁত হীৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2020 1:38 pm
WhatsApp Image 2020-10-06 at 1.15.58 PM

১০২ কেৰেটৰ এটুকুৰা বিৰল শুভ্ৰ বৰণৰ হীৰা বিক্ৰী হৈছে ১৫.৭মিলিয়ন ডলাৰত। ভাৰতীয় টকাৰ মূল্যত এই পৰিমান হ’ব প্ৰায় ১৫৪কোটি টকা।

টেলিফোনৰ জৰিয়তেই এগৰাকী ব্যক্তিয়ে সেই হীৰা টুকুৰা ক্ৰয় কৰিছে।

বিৰল এই হীৰা টুকুৰা ক্ৰয় কৰা ব্যক্তিগৰাকীৰ পৰিচয় অৱশ্যে প্ৰকাশ কৰা হোৱা নাই।

কৰ’না ভাইৰাছ মহামাৰীৰ বাবে  হংকঙৰ ছোথেবাইয়ে অনলাইনত এই নিলামৰ আয়োজন কৰিছিল।

২০১৮ বৰ্ষত কানাডাৰ অণ্টাৰিঅ’ত আৱিস্কৃত ২৭১ কেৰেটৰ ৰুক্ষ হীৰাৰ পৰা কাটি অনা এই ডিম্বাকৃতিৰ হীৰাখণ্ডই ‘four Cs’ অৰ্থাৎ কাট, কালাৰ, ক্লীয়েৰিটি আৰু কাৰাট ওজনত ৰেংকিঙৰ শীৰ্ষ স্থান লাভ কৰা বুলি জনাইছিল নিলাম কৰিবলগীয়া কৰ্তৃপক্ষই।

উল্লেখ্য যে, এই ডিম্বাকৃতিৰ হীৰাখণ্ডক ‘ডি কালাৰ’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। ‘ডি কালাৰ’ হৈছে হীৰাৰ সৰ্বোচ্চ গ্ৰেডিং। এই শ্ৰেণীভুক্ত হীৰাক আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে অতি নিখুঁত তথা স্বচ্ছ হিচাপে গণ্য কৰা হয়।

স্মৰ্তব্য যে ২০১৩ চনত জেনেভাৰ ক্ৰিষ্টিত নিলাম হোৱা ১৬৩.৪১ কেৰেটৰ আয়তাকৃতিৰ হীৰাখণ্ডই বৰ্তমানলৈকে সৰ্বোচ্চ মূল্যৰ হীৰা ৰূপে পৰিগণিত হৈ আছে।

উক্ত আয়তাকৃতিৰ হীৰাখণ্ডৰ ভাৰতীয় মূল্যত দৰ আছিল প্ৰায় ২৪৭৬ কোটি ১৫ লাখ ৮০৫০ টকা।

২০১৩ চনত ডিম্বাকৃতিৰ বিভিন্ন হীৰাৰ মূল্য ৩০.৮ মিলিয়ন ডলাৰ আছিল। এতিয়া ডিম্বাকৃতিৰ হীৰাখণ্ড হিচাপে এই হীৰাখণ্ডই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন সৰ্বোচ্চ মূল্যৰ অভিলেখ স্থাপন কৰিব বুলি ধাৰণা কৰা হৈছিল।

বিশ্বৰ এই বিৰল ডিম্বাকৃতিৰ হীৰাখণ্ডৰ নিলাম অহা ১৫ ছেপ্টেম্বৰৰ পৰা হংকঙত আৰম্ভ হৈ ৫ অক্টোবৰত  বন্ধ হয়।

বিশ্বৰ চোথেবাইৰ বিশ্ব জুৱেলাৰীৰ অধ্যক্ষ গেৰী শ্বুলাৰে কৈছিল যে এই হীৰাখণ্ডৰ সৌন্দৰ্য আৰু বিৰলতাক অন্যৰ সৈতে তুলনা কৰাতো অতি কঠিন।