NORTHEAST NOW (Assamese)
অসম

GMCHত অখিল গগৈৰ স্বাস্থ্যৰ বুজ লৈ কি আলোচনা কৰিলে গৌৰৱ গগৈয়ে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 6, 2020 2:00 pm
WhatsApp Image 2020-10-06 at 1.41.03 PM

GMCH ত উপস্থিত যুৱ সাংসদ গৌৰৱ গগৈ। অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ মঙ্গলবাৰে GMCH ত হাজিৰ হয় গৌৰৱ।

পিতৃ তৰুণ গগৈৰ পৰামৰ্শ অনুসৰি গৌৰৱ গগৈয়ে অখিলক সাক্ষাৎ কৰা বুলি কয়।

গগৈয়ে কয়, “মোৰ পিতৃৰ পৰামৰ্শ মতেই অখিলক সাক্ষাৎ কৰিলো। ৰাজনৈতিক মতানৈক্য থাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল।” অখিলক সাক্ষাৎ কৰি আহি এইদৰে কয় গৌৰবে।

ইপিনে, “অখিল গগৈৰ স্বাস্থ্য ভাল দেখিছোঁ” বুলি উল্লেখ কৰি তেওঁ কয়, “তেওঁৰ মুখত হাঁহি আছে। তেওঁ পৰিয়ালৰ খৱৰ ল’বলৈ চেষ্টা কৰিছোঁ। আমি চিন্তা কৰি আছো। ৰাজনৈতিক চিন্তা বেলেগ হব পাৰে কিন্তু ব্যক্তিগত কথা বেলেগ।”

ৰাজনৈতিক ষড়যন্ত্ৰ কৰি একো যুক্তি নোহোৱাকৈ তেওঁক জেলত সুমুৱাই থৈছে বুলি গুৰুতৰ অভিযোগ তোলে গগৈয়ে।

ইপিনে, ৰাজনৈতিক কোনোধৰণৰ বিষয় আলোচনা হোৱা নাই বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে।

“অখিল গগৈক আমি কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ চেষ্টা কৰি আছো। পৰিয়ালৰ লগতো কথা বতৰা পাতি আছো,”-গৌৰৱে কয়।